২০১৮ত শেষবাৰ কুস্তিৰ ৰিঙত দেখা গৈছিল তেওঁক । পাছত দীর্ঘ সময় আখৰাৰ বাহিৰত আছিল ভাৰতৰ হৈ কমনৱেলথ গেমছত প্রথম সোণজয়ী গীতা ফোগত ।২০১৯ৰ ডিচেম্বৰত তেওঁ সন্তান জন্ম দিয়ে । সেই সময়ত তেওঁৰ ওজন বাঢ়ি গৈছিল । বিগত ডেৰ বছৰত ৩৫ কেজি ওজন হ্ৰাস কৰিছে দংগলকন্যাই । পুনৰ আখৰাত নামিব তেওঁ ।
বৃহস্পতিবাৰৰ পৰা উত্তৰ প্রদেশৰ গোন্দাত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় কুস্তি প্রতিযোগিতাত নমাৰ সুযোগ লাভ কৰিছে গীতাই । এই প্ৰতিযোগিতাত তেওঁ ৫৯ কেজি বিভাগত প্ৰতিদ্বন্দ্বিতা কৰিব । গীতাই সংবাদমাধ্যমক কয়, ‘‘সন্তান জন্ম দিয়াৰ সময়ত মোৰ ওজন ৯৩-৯৪ কেজি আছিল । কিন্তু কুস্তিৰ পৰা দূৰত থকা অসম্ভৱ । অন্তঃসত্ত্বা অৱস্থাতো মই ভাবিছিলো কেনেদৰে আখৰাত উভতিম । বিগত ডেৰ বছৰত ৩৫ কেজি ওজন কমাইছো ।’’
সন্তান জন্ম দিয়াৰ পাছতেই ওজন কমাবৰ বাবে কঠিন পৰিশ্রম কৰে গীতাই । তেওঁ কয়, ‘‘কুস্তিত বহু সময় খেলাৰ ক্ষমতা আৰু ক্ষিপ্রতা আটাইতকৈ গুৰুত্বপূর্ণ । সৰুৰ পৰা কঠোৰ পৰিশ্রমৰ ফলত খেলাৰ ক্ষমতাৰ অভাৱ কোনোদিন নাছিল । কিন্তু ক্ষিপ্রতা ঘূৰাই পোৱা খুবেই কঠিন আছিল ।’’
গীতাই আটাইতকৈ ভাল ভাল ফল কৰিছে ৫৫ কেজি বিভাগত । ২০১০ৰ কমনৱেলথ গেমছত সোণ, ২০১২ৰ বিশ্ব কুস্তি চেম্পিয়নশ্বিপত ব্রঞ্জ লাভ কৰিছে এই বিভাগতেই । কিন্তু সম্প্ৰতি ৫৫ কেজি বিভাগত ঘূৰি যাব নিবিচাৰে গীতাই । বৰঞ্চ তেওঁৰ লক্ষ্য ৫৭ কেজি বিভাগত নমা । তেওঁ কয়, ‘‘২০২৪ৰ পেৰিছ অলিম্পিক মোৰ লক্ষ্য । তাত ৫৭ কেজি বিভাগত নামিব বিচাৰো । ৬২ কেজি বিভাগত মোৰ ভগ্নী সংগীতা ফোগত নামিব । ৫৭ কেজি বিভাগত অংশু মালিক আৰু সৰিতা মোৰে খেলিব । ফলত মই তেওঁলোকৰ বিৰুদ্ধে যুঁজ দিব লাগিব । মই দেশৰ হৈ খেলিব বিচাৰো ।’’
