আক্রাছুক একনায়কত্বভাৱে পৰিচালনা কৰি আছে পুৰেন ৰায়েঃ সুনাধৰ ৰায়

158819 akrsu

সদৌ কোচ ৰাজবংশী ছাত্র সন্থা চমুকৈ আক্রাছুৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক সুনাধৰ ৰায়ে আজি এক প্ৰেছ বিবৃতিযোগে কয় যে সদৌ কোচ ৰাজবংশী ছাত্র সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি পুৰেন ৰায়ে এক প্ৰেছ বিবৃতিযোগে আক্রাছুৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক সুনাধৰ ৰায় আৰু সহ: সাধাৰণ সম্পাদক দ্বীপেন পাঠকক কিছুমান মিছা সাংগঠনিক অপবাদ দি বহিস্কাৰ কৰা বুলি প্ৰকাশ কৰিছে । পুৰেন ৰায়ৰ এই কাৰ্যকলাপক কেন্দ্ৰীয় সমিতিৰ ফালৰ পৰা তীব্ৰ নিন্দা কৰিছো ।

সুনাধৰ ৰায়ে উক্ত প্ৰেছ বিবৃতিত আৰু কয় যে পুৰেন ৰায়ে আজি বহুত দিনৰ পৰাই সংগঠনৰ মজিয়াত বিভিন্ন ধৰণৰ খেলিমেলি তথা আক্ৰাছুৰ অসংবিধানিক কামৰ লগত জড়িত হৈ নিজৰ ব্যক্তিগত স্বাৰ্থ পূৰণৰ বাবে আৰু নিজৰ পদবী অটুট ৰখাৰ কাৰণে এনে ধৰণৰ বিভ্ৰান্তিমূলক সিদ্ধান্ত গ্ৰহণ কৰি আহিছে । যাৰ ফলত আজি সংগঠনৰ আভ্যন্তৰীণ দিশত বহুত খেলিমেলি সৃষ্টি হৈছে ।

পুৰেন ৰায়ে আজি আক্ৰাছুৰ উপদেষ্টা মণ্ডলী তথা কেন্দ্ৰীয় সমিতিৰ কোনো বিষয়ববীয়াৰ লগত কোনো ধৰণৰ আলোচনা নকৰাকৈ একনায়কত্বভাৱে নিজৰ স্বাৰ্থ পূৰণৰ বাবে লোৱা এই হতকাৰী সিদ্ধান্তক আমি কেদ্রীয় সমিতিয়ে কেতিয়াও মানি নলও ।

উক্ত প্ৰেছ বিবৃতিত সুনাধৰ ৰায়ে আৰু উল্লেখ কৰে যে ইতিমধ্যে আক্ৰাছুৰ সাধাৰণ সম্পাদক দিব্যজ্যোতি ডেকাই প্ৰকাশ কৰিছে যে তেওঁৰ অনুমতি অবিহনে পুৰেন ৰায়ে এই সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু দিব্যজ্যোতি ডেকাই জনাইছে যে এয়া কোনো ধৰণৰ সাংগঠনিক সিদ্ধান্ত নহয়, এয়া পুৰেন ৰায়ৰ ব্যক্তিগত সিদ্ধান্ত ।

পুৰেন ৰায়ে নিজৰ ইচ্ছা মতে সংগঠনৰ সংবিধানক বিসৰ্জন দি অসংবিধানিক কাম কৰি আছে, সেয়ে উক্ত বিষয়ৰ ওপৰত আলোচনা কৰি পুৰেন ৰায়ৰ ওপৰত সাংগঠনিকভাৱে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে কেন্দ্ৰীয় সমিতিক অনুৰোধ জনায় আক্রাছুৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক সুনাধৰ ৰায়ে ।

Exit mobile version