চীনৰ বেদখল স্বীকাৰ কৰি সষ্টম দিল্লী

এনে আগ্ৰাসন কেতিয়াও মানি লোৱা নহ'বঃ বৈদেশিক মন্ত্ৰণালয়

j640lgc8 china village

অৰুণাচল প্ৰদেশত ভাৰতৰ ভূমিত চীনা গাঁও স্থাপন সম্পৰ্কীয় মাৰ্কিন প্ৰতিৰক্ষা দপ্তৰৰ প্ৰতিবেদনৰ পাছত দশকৰ পাছত দশক ধৰি ভাৰতীয় ভূমি অবৈধভাৱে দখল কৰা বুলি ভাৰতৰ বৈদেশিক মন্ত্রণালয়ে স্বীকাৰ কৰিলেও একে সময়তে ইয়াক মানি লোৱা নহ’ব বুলি বেইজিঙক সকীয়াই দিছে । অৰুণাচল প্ৰদেশৰ ভাৰত-চীন সীমান্তত অৰুণাচল প্ৰদেশৰ ভূমিত চীনে বৃহৎ গাঁও স্থাপন কৰা বুলি শেহতীয়াভাৱে মাৰ্কিন প্ৰতিৰক্ষা দপ্তৰৰ প্ৰতিবেদনত প্ৰকাশ পোৱাৰ পাছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ৰ মুখপাত্ৰ অৰিন্দম বাগ‌্‌‌চীয়ে আজি এই সম্পৰ্কত কয়, ‘চীনে বিগত কে’বা বছৰ ধৰি সীমান্ত সংলগ্ন অঞ্চলত নিৰ্মাণ কাৰ্য চলাই আহিছে । বিগত কে’বা দশক ধৰি চীনে অবৈধভাৱে দখল কৰি ৰখা ভাৰতৰ ভূমিতো নিৰ্মাণ কাৰ্য অব্যাহত ৰাখিছে । আমাৰ ভূমি এইদৰে বেদখল কৰা কাৰ্য ভাৰতে কেতিয়াও মানি লোৱা নাই । তদুপৰি চীনৰ অভিযুক্তৰ দাবীকো ভাৰতে গ্ৰহণ কৰা নাই ।’

তেওঁ কয় যে ভাৰতে এনে অসন্তুষ্টিৰ বাৰ্তা সদায় বেইজিঙক দি আহিছে । বিগত বহু বছৰ ধৰি সীমান্ত অঞ্চলত চীনৰ নিৰ্মাণ কাৰ্যক লৈ ভাৰত সতৰ্ক হৈ থকাটো বাগ্‌চীৰ বক্তব্যত প্ৰকাশ পাইছে । তেওঁ কয় যে দেশৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি হ’ব পৰা সকলো ধৰণৰ কাৰ্যকলাপৰ প্ৰতি ভাৰতে তীক্ষ্ণ দৃষ্টি ৰাখে আৰু ভৌগোলিক অখণ্ডতা তথা সংহতিৰ সুৰক্ষাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰে । বাগ্‌চীয়ে কয় যে ভাৰতেও চীনৰ সংলগ্ন সীমান্তত নিজ ভূমিত পথ-দলং আদিৰ দৰে আন্তঃগাথঁনি নিৰ্মাণ কাৰ্য অধিক দ্ৰুত কৰিছে ।

উল্লেখ্য যে ভাৰতৰ ভূমিত অবৈধভাৱে দখল কৰি চীনা গাঁও স্থাপনেৰে সামৰিক কাৰ্যকলাপ অব্যাহত ৰখা সম্পৰ্কীয় মাৰ্কিন প্ৰতিৰক্ষা বিভাগৰ বাৰ্ষিক প্ৰতিবেদনত শেহতীয়াভাৱে প্ৰকাশ পোৱা অনুসৰি অৰুণাচলৰ ভূমিত চীনে কমেও এশটা বাসগৃহ নিৰ্মাণ কৰি গাঁও সাজিছে । চীনা সেনাই কৰিছে এই নিৰ্মাণ কাৰ্য । ভাৰত-চীনৰ সীমান্ত উত্তেজনাক লৈ মাৰ্কিন চৰকাৰৰ ধাৰণা সম্পৰ্কীয় ব্যাখ্যা আগবঢ়োৱা সময়ত এই তথ্য দাঙি ধৰে মাৰ্কিন প্ৰতিৰক্ষা বিভাগে । ভাৰত আৰু চীনৰ মাজত সীমান্তৰ অচলাৱস্থা সন্দৰ্ভত এই প্ৰতিবেদনত উল্লেখ থকা অনুসৰি ২০২০ত চীনে এশটা ঘৰ থকা বৃহৎ গাঁও বিতৰ্কিত ভূমিত নিৰ্মাণ কৰিছে ।

চীনৰ তিব্বত স্বায়ত্তশাসিত অঞ্চল আৰু ভাৰতৰ অৰুণাচল প্ৰদেশৰ মাজৰ বিবদমান অঞ্চলত চীনে এই ঘৰসমূহ সাজিছে বুলিও প্ৰতিবেদনত কোৱা হয় । বাগ্‌চীয়ে কয় যে মাৰ্কিন প্ৰতিবেদনত ভাৰত-চীন সীমান্ত অঞ্চলত চীনৰ দিশত চুবুৰীয়া ৰাষ্ট্ৰখনে কৰি থকা নিৰ্মাণ কাৰ্যৰ কথাও উল্লেখ কৰা হৈছে । বিশেষকৈ পূব খণ্ডত এই নিৰ্মাণ কাৰ্য কৰিছে চীনে । বিগত বৰ্ষত সংবাদ মাধ্যমত এই সম্পৰ্কীয় প্ৰতিবেদন প্ৰকাশ পাইছিল বুলিও তেওঁ কয় । ভাৰত-চীন সীমান্তৰ অচলাৱস্থা সম্পৰ্কীয় অধ্যায়ত এই কথা উল্লেখ কৰিছে মাৰ্কিন প্ৰতিৰক্ষা বিভাগে ।

উল্লেখ্য যে ভাৰতীয় ভূখণ্ডত চীনে নতুন গাঁও স্থাপনৰ বিষয়ে ইতিমধ্যে সংবাদ মাধ্যমত প্ৰকাশ পাইছে । মেকমোহন ৰেখাৰ দক্ষিণত ভাৰতৰ ভূখণ্ডত চীনৰ এই নিৰ্মাণ কাৰ্যৰ অৱস্থিতি অঞ্চলটোৰ পৰা সংগৃহীত ছেটেলাইট ছবিত দেখা গৈছে । এই গাঁওখন নিৰ্মাণ কৰা হৈছে ছাৰি চু নৈৰ পাৰত । অৰুণাচল প্ৰদেশৰ আপাৰ সোৱণশিৰি জিলাৰ এই ভূমিত বিগত এটা দশকৰ অধিক কাল ধৰি চীনে এটা সৰু সামৰিক চকী স্থাপন কৰে । ইয়াৰ পাছতে ২০২০ত নাটকীয়ভাৱে পৰিস্থিতি সলনি হয় আৰু চীনে অঞ্চলটোত এখন পূৰ্ণাংগ গাঁও স্থাপন কৰে । ভাৰতৰ ভূমিত আনকি চীনে পথ সাজিবলৈ প্ৰস্তুতি লয় ।

মাৰ্কিন প্ৰতিবেদনত কোৱা হৈছে যে সীমান্ত উত্তেজনা হ্ৰাস কৰিবলৈ কূটনৈতিক আৰু সামৰিক পৰ্যায়ত আলোচনাৰ পাছতো চীনে নিয়ন্ত্ৰণ ৰেখাৰ ওপৰতে দাবী সাব্যস্ত কৰিবলৈ এৰা নাই । ছিকিম আৰু অৰুণাচল প্ৰদেশৰ সীমান্তত ভাৰতৰ ভূমিত বসতি স্থাপন কৰিবলৈ চীনে পৰিকল্পনা ৰচিছে । তিব্বত অঞ্চলত আন্তঃগাথঁনি উন্নয়ন বহু কোটিটকীয়া ডলাৰৰ অংশৰূপে এই পৰিকল্পনা কৰা হৈছে । ইয়াৰ ভিতৰত আছে সীমান্তৰ চহৰসমূহত বৃহৎ পথ নিৰ্মাণ, ৰেল আন্তঃগাথঁনি সম্প্ৰসাৰণ আৰু অঞ্চলটোত কমেও ছশখন গাঁও স্থাপন ।

Exit mobile version