বাগসাত নৱম-দশম শ্ৰেণীৰ ছাত্ৰৰ মাজত বিটিচি প্ৰধান প্ৰমোদ বড়োৰ চাইকেল বিতৰণ

বাগসা জিলাৰ অঞ্চলী, আৰকৰা আৰু চাপাগুৰি হাইস্কুলত আজি বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰৰ মাজত বিটিচি চৰকাৰে প্ৰদান কৰা চাইকেল বিতৰণ কাৰ্যসূচী উদ্বোধন কৰে । মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে প্ৰথমে অঞ্চলীস্থিত অঞ্চলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উপস্থিত হৈ বিদ্যালয়খনৰ নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ সকলৰ মাজত চৰকাৰীভাৱে যোগান ধৰা চাইকেল বিতৰণ কৰে ।

ADVERTISEMENT

এই সন্দৰ্ভত তেওঁ কয়, ‘আমাৰ বিদ্যালয় বিলাক লাহে লাহে সুন্দৰ হৈ যাব । আজিৰ পৰিৱেশ নাথাকে। বিদ্যালয়সমূহ উন্নত কৰা হ’ব । বিদ্যালয়ৰ পৰাই গৈ আমাৰ ছাত্ৰ ছাত্ৰী সকলে প্ৰবক্তা, চিকিৎসক, অভিযন্তা আদি হ’ব ।’

ইয়াৰ পাছতে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে আৰকৰা হাইস্কুল আৰু চাপাগুৰি হাইস্কুলত বিটিচি চৰকাৰে প্ৰদান কৰা চাইকেল নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰৰ মাজত বিতৰণ কৰে ৷ অনুষ্ঠানত কে’বাগৰাকী দলীয় নেতাৰ লগতে অঞ্চলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ শচীন্দ্ৰ খাটনিয়াৰ, আৰকৰা হাইস্কুলৰ প্ৰধান শিক্ষক গিৰীশ চন্দ্ৰ দাস প্ৰমুখ্যে কে’বাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

Exit mobile version