বাগসাৰ খাৰিজা বিজনীত অবৈধ কুৱেৰীৰ শিল-বালি কঢ়িওৱা ট্ৰেক্টৰৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ

দীৰ্ঘদিন ধৰি কাটাঝাৰ-কাহিতামা পথেৰে অব্যাহত আছে অবৈধ শিল-বালি কঢ়িওৱা ট্ৰেক্টৰৰ দৌৰাত্ম্য

WhatsApp Image 2021 11 12 at 4.46.54 PM

বাগসাৰ শালবাৰীৰ খাৰিজা বিজনীত অবৈধভাৱে শিল-বালি কঢ়িওৱা ট্ৰেক্টৰৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ ৷ দীৰ্ঘদিন ধৰি কাটাঝাৰ-কাহিতামা পথটোৰে শিল-বালি কঢ়িওৱা ট্ৰেক্টৰৰ দৌৰাত্ম্য অব্যাহত আছিল ৷ যাৰ বাবে বিপদ নামি আহিছিল পথটোৰ বেঁকী নৈৰ ওপৰত থকা দূৰ্বল পকী দলঙখনলৈ ৷ দলঙখন দুৰ্বল হৈ পৰাৰ বাবে গধুৰ যানবাহনৰ চলাচলত নিষেধাজ্ঞা প্ৰদান কৰিছিল পি ডব্লিউ ডি কৰ্তৃপক্ষই ৷‌ তাৰ পাছতো একাংশ দুষ্ট চক্ৰই উক্ত দুৰ্বল দলঙখনেৰে অবৈধ শিল-বালি মহলৰ পৰা অত্যাধিক বোজাৰ শিলবালি কঢ়িয়াই আহিছিল ৷

বিয়াগোম বন বিভাগৰ উপৰিও প্ৰশাসনৰ চকুত ধুলি দি অব্যাহত ৰখা এনে কৰ্মকাণ্ড দেখি হতচকিত হৈ পৰে স্থানীয় ৰাইজ ৷ যাৰ পৰিপ্ৰেক্ষিতত অঞ্চলটোৰ ৰাইজে আজি ওলাই আহি অবৈধভাৱে চলা শিল-বালি ভৰ্তি ট্ৰেক্টৰসমূহৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি অবৈধ কুৱেৰী বন্ধ কৰিব লাগে, বনবিভাগ হায় হায়, অসম চৰকাৰ হায় হায়, অবৈধ কুৱেৰী বন্ধ কৰক, অসম পুলিচ হায় হায় আদি বিভিন্ন শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷

স্থানীয় ৰাইজে অতিশীঘ্ৰে অবৈধ কুৱেৰী আৰু ট্ৰেক্টৰৰ লগতে অন্যান্য শিল-বালি কঢ়িওৱা বাহন চলাচল বন্ধ কৰিব লাগে বুলি দাবী উত্থাপন কৰি কয় যে অবৈধভাৱে খান্দি উলিওৱা কুৱেৰীৰ বাবে ইতিমধ্যে বৃহত্তৰ অঞ্চলটোৰ বহু কেইখন গাঁৱৰ ৰাইজে বেঁকী নদীৰ খহনীয়াত সৰ্বোচ্চ হেৰুৱাব লগা হৈছে ৷ বৰ্তমানো বহু পৰিয়ালৰ ভেটি-মাটি খহনীয়াৰ কবলত পৰি নিঃশেষ হোৱাৰ উপক্ৰম হৈছে ৷ ৰাইজৰ অভিযোগ, অবৈধভাৱে চলাচল কৰা ট্ৰেক্টৰসমূহৰ স’তে বনবিভাগৰ নিশ্চয় গোপন বুজাবুজি আছে নহ’লে আজি এনেকুৱা এটা পৰ্যায় আহি নপৰিলেহেঁতেন ৷

প্ৰতিটো দিনতেই অব্যাহত আছে বেঁকীৰ খহনীয়া ৷ অবৈধ কুৱেৰী খননৰ লগত জড়িত বহুতেই আকৌ অঞ্চলটোৰ নামী-দামী মানুহৰ কথা কৈ সৰ্বসাধাৰণক ভীতিগ্ৰস্ত কৰি আহিছে ৷ অসাধুভাৱে এচামে দলংখনৰ কথা নাভাবি চলাচল অব্যাহত ৰাখিছে গধুৰ যানবাহনৰ ৷ দলংখনৰ ক্ষতি হ’লে এই বৃহত্তৰ খাৰিজা বিজনী অঞ্চলৰ ৰাইজৰ বাৰুকৈয়ে অসুবিধাৰ সৃষ্টি হ’ব ৷ পূৰ্বে কে’বাবাৰো বনবিভাগৰ লগতে বিভাগীয় কৰ্তৃপক্ষক এই ক্ষেত্ৰত আবেদন নিবেদন কৰা হৈছিল যদিও কেৱল ফলক আঁৰিয়ে বিভাগে দ্বায়িত্ব সামৰি থৈছে ৷

দুৰ্বল দলংখনৰ ওপৰেৰে বৰ্তমানো চাৰিৰ পৰা ছয় চিএম পৰ্যন্ত শিল-বালি কঢ়িওৱা কাৰ্য অব্যাহত ৰাখিছে ৷ ৰাইজৰ দাবী, অচিৰেই এই খননকাৰ্য বন্ধ হ’ব লাগে অন্যথা চৰকাৰ বিৰোধী ভিন্ন জংঘী আন্দোলনৰ কাৰ্যসূচী হাতত লোৱা হ’ব ৷

Exit mobile version