Aryan Khan : আৰিয়ানৰ মুক্তিৰ বাবদ শাহৰুখৰ পৰা ধন আদায়ৰ পৰিকল্পনা কৰিছিল গোছাভিয়ে ! দাবী প্রভাকৰৰ

aryan 1635778673

মাদক-কাণ্ডত গ্রেপ্তাৰ আৰিয়ান খানৰ মুক্তিৰ বাবে শাহৰুখ খানৰ পৰা মোটা অংকৰ ধন আদায়ৰ পৰিকল্পনা কৰিছিল মাদক নিয়ন্ত্রণ সংস্থা (এনচিবি)-ৰ সাক্ষী কিৰণ পি গোছাভিয়ে । এই বিষয়ত আলোচনাৰ বাবে এনচিবি-কৰ্মচাৰী সমীৰ ৱাংখেৰেৰ স’তেও তেওঁ যোগাযোগ কৰিছিল । এক সর্বভাৰতীয় সংবাদমাধ্যমৰ সাক্ষাৎকাৰত এই দাবী কৰে এই গোচৰৰ আন এক সাক্ষী প্রভাকৰ ছইলে ।

এই গোচৰত গোছাভিৰে দেহৰক্ষী হিচাপে নিজৰ পৰিচয় দিছিল প্রভাকৰক । তেওঁৰ দাবী, গোচৰৰ আন এক সাক্ষী শ্যাম ডি’চুজাৰ স’তে ধন আদায়ক লৈ কথাবার্তাও হৈছিল । শ্যামক ২৫ কোটি টকা আদায় কৰাৰ কথা কৈছিল গোছাভিয়ে । বিষয়টো যাতে ১৮ কোটি টকাৰ ভিতৰতে সমাধান হয়, সেই পৰামর্শও দিছিল । এই টকাৰে আঠ কোটি দিয়া হ’ল হয় সমীৰক আৰু বাকী ১০ কোটি টকা নিজৰ মাজত ভাগ কৰিলে হয় ।

উল্লেখ্য, আৰিয়ানৰ গ্রেপ্তাৰিৰ পাছত গোছাভিক শাহৰুখৰ সহকাৰী পূজা দাদলানিয়ে লগ কৰে । সেই সাক্ষাতৰ ছবি ধৰা পৰিছে চিচটিভি ফুটেজত । তাক লৈও চাঞ্চল্যকৰ দাবী প্রভাকৰৰ । তেওঁ কয়, ‘‘মোৰ ম’বাইল নম্বৰ সমীৰ ৱাংখেৰেৰ নামত ছেভ কৰি ৰাখিছিল গোছাভিয়ে । ল’ৱাৰ পেৰেল ব্রিজত পূজাৰ স’তে সাক্ষাতৰ সময়ত গোছাভিৰ নির্দেশ মৰ্মে ম‌ই তেওঁক ফোন কৰো । যাতে পূজাক এইটো বুজাব পাৰো যে, সমীৰেই গোছাভিক ফোন কৰিছিল ।’’

প্ৰভাকৰে এইটোও দাবী কৰে যে, শ্বাহৰুখৰ পৰা ধন আদায়ৰ পৰিকল্পনাৰ বিষয়ে সমীৰে জানিছিল । এদিন কোলাবাত শ্যামক লগ কৰিবলৈ যাওঁতে, তেওঁ গোছাভিৰ স’তে আছিল । সেই সময়ত সমীৰৰ স’তে গোছাভিৰ ম’বাইলত কথোপকথন হয় বুলি জনাইছে প্রভাকৰে । তেওঁ কয়, ‘‘গোছাভিৰ ম’বাইলত এটা ফোন অহাত সমীৰৰ নাম দেখিছিলো । শুনিলো যে গোছাভিয়ে কৈছে, ‘ছাৰ, কিছুদিন অপেক্ষা কৰিব লাগিব । টকা-প‌ইচাক লৈ আলোচনা চলিছে । ম‌ই আপনাক ফোন কৰি জনাম । কিন্তু তাৰ আগতে কোনো পদক্ষেপ নল’ব ।’’’

প্রভাকৰে জনাইছে, পাছদিনা পুৱা তেওঁক মহালক্ষ্মী অঞ্চলত ৫০ লাখ টকা সংগ্রহৰ বাবে পঠাইছিল গোছাভিয়ে । লগতে, সুনীল পেটেল নামে এজন ব্যক্তিকো ২৩ লাখ টকা দিয়াৰ কথা উল্লেখ কৰিছে প্রভাকৰে । সুনীলৰ কথা মতে তেওঁ এজন লোকৰ একাউন্টত এক লাখ টকা ট্রান্সফাৰো কৰে । প্রভাকৰৰ দাবী, ‘‘তিনি অক্টোবৰত ভাছি ব্রিজৰ কাষৰ পৰা পাঁচ লাখ টকা ভর্তি এটা বেগ সংগ্রহ কৰিবলৈ কয় গোছাভিয়ে । সেইটো লৈ ইনৰবিট মলৰ কাষত যাবলৈ কৈছিল । মলৰ কাষত যোৱাত গোছাভি উপস্থিত হয় । তাৰ পাছতেই সেই বেগত আৰু টকা ভৰাই দিয়ে । মোক কয়, ‘চার্চগেটত যোৱা । তাত শ্যাম ডি’চুজাই তোমাক ফোন কৰিব ।’ মোক ২৩ লাখ টকা সংগ্রহ কৰিবলৈও কৈছিল । চার্চগেটত গৈ দেখো শ্যামে আহি অন্য এজনৰ পৰা আৰু ২৩ লাখ টকা সংগ্রহ কৰিছে । মুঠ ৩৮ লাখ টকা লৈ গোছাভিৰ ওচৰত উভতি আহো আমি । গোটেইখিনি টকা শ্যামৰ হাতত তুলি দিয়া হয় । সেই টকা লৈ শ্যাম গুচি যায় ।’’

এতিয়া, প্রভাকৰৰ দাবী মতে সেই টকা শ্যামক দিয়া হৈছিল নে নাই, বা দিয়া হ’লে সেই টকা কাৰ তাত আছে, তাক লৈ বহু প্রশ্ন আছে । তদন্তও চলিছে ।

Exit mobile version