RBI : কিয় পাবলৈ টান দুহেজাৰৰ নোট, জালিৰ বাবে গোলপীয়া টকা বাতিলৰ পথত নেকি !

45238 tkbsbfrbdn 1571114183

শেহতীয়াকৈ নোট বাতিলৰ পাঁচ বছৰ পূর্ণ হ’ল । কিন্তু সেই সময়ত ছপা কৰা দুহেজাৰ টকাৰ নোট বিগত কিছু বছৰত ক্রমশ কমিছে । এতিয়া বজাৰত প্ৰায় দেখিবলৈ পোৱা নাযায় । কেন্দ্রীয় বিত্ত মন্ত্রণালয়ে জনাইছিল, বিগত দুবছৰ ধৰি নতুনকৈ গোলপীয়া নোট ছপা কৰা হোৱা নাই । সূত্ৰ অনুসৰি, বজাৰৰ পৰা এই নোট তুলি লোৱাৰ প্রক্রিয়াও জোৰদাৰ চলিছে ।

বিগত কেই বছৰত বজাৰত জালি নোটৰ পৰিমাণো বৃদ্ধি পোৱা দেখা গৈছে । অধিকাংশ‌ই দুহেজাৰ টকাৰ নোট । ২০১৬ৰ আঠ নৱেম্বৰত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে নোট বাতিলৰ ঘোষণা কৰি দাবী কৰিছিল, ইয়াৰ দ্বাৰা দেশৰ পৰা কলা ধনৰ লগতে জালি নোটৰ সমস্যাও সমাধান হ’ব । কিন্তু নোট বাতিলল পাঁচ বছৰ পাছত চৰকাৰী পৰিসংখ্যা অনুসৰি, জালি নোটৰ সংখ্যা কমাৰ পৰিৱৰ্তে বাঢ়িছেহে । প্রতি বছৰে কম পৰিমাণে বাঢ়িলেও ২০২০ত উদ্ধাৰ হোৱা জালি নোটৰ সংখ্যা ১৯০ শতাংশ বৃদ্ধি পাইছে ।

ইণ্ডিয়ান ষ্টেটিষ্টিকেল ইনষ্টিটিউটৰ এক সমীক্ষাত পোৱা গৈছে, প্রতি বছৰে ৭০ কোটি টকা মূল্যৰ জালি নোট বজাৰত আহে । ৰাষ্ট্ৰীয় অপৰাধ পৰিসংখ্যা ব্যুৰ’ৰ প্ৰতিবেদন অনুযায়ী, ২০২০ত ৯২.১৭ কোটি টকা মূল্যৰ জালি নোট উদ্ধাৰ হৈছে । ২০১৯ত ইয়াৰ পৰিমাণ আছিল ২৫.৩৯ কোটি টকা । তাৰ আগৰ দুবছৰ ২০১৮ আৰু ২০১৭ত আছিল যথাক্রমে ১৭.৯৫ আৰু ২৮.১০ কোটি টকা । নোট বাতিলৰ বৰ্ষ ২০১৬ত আছিল ১৫.৯২ কোটি টকা । অধিকাংশ‌ই দুহেজাৰ টকাৰ নোট বুলিও দাবী কৰা হৈছে ।

জালি নোটৰ পৰিমাণ কমাবলৈ বজাৰৰ পৰা লাহে লাহে দুহেজাৰ টকা তুলি লোৱা হ’ব নে নাই, তাক লৈও যোৱা মার্চত জল্পনা কৰে বিত্ত মন্ত্রণালয়ে । বিত্ত মন্ত্রণালয়ৰ প্রতিমন্ত্রী অনুৰাগ ঠাকুৰে যোৱা ১৫ মার্চত লোকসভাত জনায়, যোৱা দুবছৰে দুহেজাৰ টকাৰ নোট ছপা কৰিবলৈ কোনো আৱণ্টন দিয়া নাই । নোট বাতিলৰ বছৰত প্রায় ৩৫৪ কোটি দুহেজাৰৰ নোট ছপা হৈছিল । ২০১৮-ৰ মার্চত বজাৰত ৩৩৬ কোটি দুহেজাৰৰ নোট আছিল । ২০২১-ৰ আৰম্ভণিত ২৪৯ কোটিলৈ নামি আহে ।

২০১৬ত ৫০০ আৰু ১০০০ টকাৰ নোট বাতিলৰ পাছত গোলপীয়া ৰঙৰ দুহেজাৰ টকাৰ নোট আৰম্ভ হৈছিল । চৰকাৰে দাবী কৰিছিল, এই নোট জালি কৰা কঠিন হ’ব । কিন্তু ৰাষ্ট্ৰীয় অপৰাধ পৰিসংখ্যা ব্যুৰ’ৰ দাবী, বিগত কিছু বছৰত যিমান জালি নোট ধৰা পৰিছে, তাৰ ভিতৰত দুহেজাৰ টকাৰ জালি নোটয় সংখ্যাই অধিক । সেয়ে বজাৰত নতুনকৈ এই নোট মুকলি কৰাৰ পৰিৱর্তে তাক তুলি লোৱাৰ প্রক্রিয়া চলিছে । সাধাৰণভাৱে এটিএম বা বেংকৰ শাখাৰ পৰা এতিয়া দুহেজাৰ টকাৰ নোট দিয়া প্রায় বন্ধ হৈছে । জমা হোৱা বৃহৎ অংকৰ নোট ৰিজার্ভ বেংকে তুলি লৈছে নে নাই সেইটো অৱশ্যে এই পর্যন্ত স্পষ্টকৈ জনোৱা নাই ।

Exit mobile version