Assam Rifles : মণিপুৰ-ম্যানমাৰ সীমান্তত সন্ত্ৰাসবাদী আক্ৰমণ, স্ত্ৰী-পুত্ৰসহ নিহত অসম ৰাইফলছৰ কৰ্নেল

assam rifles

মণিপুৰ আক্ৰমণৰ বলি অসম ৰাইফলছ । শনিবাৰে পুৱা ম্যানমাৰ সীমান্তৱর্তী চূৰাচান্দপুৰ জিলাত সন্ত্ৰাসবাদী আক্ৰমণত অসম ৰাইফলছৰ এজন কমাণ্ডিং অফিচাৰসহ ছজন নিহত হৈছে । নিহতসকলৰ ভিতৰত এই অফিচাৰজনৰ স্ত্রী আৰু সন্তানো আছে বুলি আৰক্ষী সূত্রে খবৰ । লগতে অফিচাৰজনৰ গাড়ীৰ চালক আৰু অসম ৰাইফলছৰ দুই কর্মচাৰীও আছে ।

আৰক্ষী সূত্রে খবৰ, নিহত কর্নেল বিপ্লৱ ত্রিপাঠী অসম ৰাইফলছৰ ৪৬ নম্বৰ বেটেলিয়নৰ কমাণ্ডিং অফিচাৰ আছিল । বেহিয়াং থানাৰ অন্তর্গত সিংঘাটৰ কাষত ছায়লছি আৰু ছেকেন গাঁৱৰ মধ্যৱর্তী জংঘল আবৃত্ত অঞ্চলত তেওঁৰ গাড়ীলৈ লক্ষ্য কৰি গুলি চালনা কৰে সন্ত্ৰাসবাদীসকলে । কনভয়ৰ অন্য গাড়ীৰ পৰা জোৱানসকলে প্ৰত্যুত্তৰ গুলি চলায় সন্ত্ৰাসবাদীসকললৈ ।

সন্ত্ৰাসবাদীসকলৰ গুলিত কেইজনমান জোৱান আহত হৈছে । দুজনৰ অৱস্থা সংকটজনক । ঘটনাৰ পাছতেই ম্যানমাৰ সীমান্তৱর্তী মণিপুৰৰ এই অঞ্চলত অভিযানত নামিছে সেনা আৰু অসম ৰাইফলছ ।

সূত্রৰ খবৰ, মণিপুৰৰ সন্ত্ৰাস গোষ্ঠী ‘পিপলছ লিবাৰেছন আর্মি অৱ মণিপুৰ’ (পিএলএএম) ।ম্যানমাৰত খোপনি পুতি থকা নাগা সন্ত্ৰাস গোষ্ঠী এনএছচিএন-এও (খাপলাং) এই আক্ৰমণ কৰিব পাৰে বুলি সন্দেহ কৰা হৈছে । বিগত বৰ্ষত মণিপুৰৰ চান্দেল জিলাত অসম ৰাইফলছৰ কনভয়ত আক্ৰমণ চলাইছিল এই নাগা সন্ত্ৰাস গোষ্ঠীয়ে । এই আক্ৰমণত তিনি জোৱান নিহত হৈছিল ।

Exit mobile version