কোনো উপসর্গ নাথাকিলেও ভিতৰি ভিতৰি শৰীৰত বহু অসুখ থাকে, যিটো আমি সহজে ধৰিব নোৱাৰো । শৰীৰত প্রায় তাৰ কোনো লক্ষণেই দেখা নাযায় । কিন্তু শৰীৰৰ কিছু কিছু অংশ অতি স্পর্শকাতৰ । সেইসমূহ স্থানত সোনকালে অসুখৰ প্রভাৱ পৰে । ইয়াৰ ভিতৰত অন্যতম হ’ল ওঠ ।
ADVERTISEMENT
ওঠৰ ৰং দেখি আভাস পোৱা যায় অসুখৰ । কি কি লক্ষণ দেখি শৰীৰৰ অৱস্থা বুজিব ?
- ওঠৰ ৰং গাঢ় ৰঙা বা ক’লা নেকি ? হজমৰ সমস্যা হ’লে ওঠৰ ৰং এনে হ’ব পাৰে । এনে হ’লে শাক-পাচলি খাব লাগে । তেতিয়াও যদি ওঠৰ স্বাভাৱিক ৰং ঘূৰি নাহে, তেনেহ’লে চিকিৎসকৰ পৰামর্শ লওক ।
- ৰক্ত অল্পতাৰ সমস্যা হৈছে নেকি ? হয়তো ধৰিব পৰা নাই । কিন্তু ওঠৰ ৰং দেখি ক’ব পাৰি । এই সমস্যাত ওঠৰ বৰণ শেতা হৈ যায় । এই ক্ষেত্রত ডালিম জাতীয় ফল অধিক খাব লাগে । তাৰ পাছতো সমস্যা নকমিলে চিকিৎসকৰ পৰামর্শ ল’ব লাগে ।
- হৃদযন্ত্র বা হাওঁফাওঁৰ সমস্যাৰো ইংগিত দিব পাৰে ওঠৰ ৰঙে । এই ক্ষেত্রত ৰং সেউজীয়া হৈ যায় । এনে হ’লে দ্রুত চিকিৎসকৰ পৰামর্শ লওক ।
- পুষ্টিৰ অভাৱ হৈছে । ইয়াৰ উপৰি মানসিক চাপত ওঠৰ এই লক্ষণ দেখা দিব পাৰে । পর্যাপ্ত বিশ্রাম লৈ এই সমস্যা কমাব পাৰে । নহ’লে চিকিৎসকৰ পৰামর্শ ল’ব পাৰে ।
- ওঠৰ ৰং গোলপীয়া ? অৰ্থাৎ আপোনাৰ শৰীৰত বিশেষ কোনো সমস্যা নাই ।