কফিয়ে প্ৰতিহত কৰে লিভাৰ ছিৰোছিছ

iStock 954537590

আধুনিক জীৱন যাপনত কিছুমান লােকৰ কফি খােৱাটো চখ বুলিয়ে ক’ব পাৰি। কাৰণ চাহ খালে আনৰ দৃষ্টিত হেয় প্রতিপন্ন হয় বুলি ভাবিয়ে কফি খায়। পিছে নির্দিষ্ট পৰিমাণতকৈ যেতিয়া প্রচুৰ পৰিমাণে বেছি কফি খায় তেতিয়া ইয়াৰ ভাল-বেয়া দুয়ােটা প্রভাৱেই সমানে পৰে। কাৰণ কফিত থকা বিভিন্ন উপাদানৰ ভিতৰত কেফিনেই বিশেষ প্ৰভাৱ পেলােৱা দেখা যায়। একাংশ গৱেষকে এই বুলি মন্তব্য আগবঢ়াইছে যে কফিয়ে লিভাৰ ছিৰােছিছ প্রতিহত কৰিব পৰা ক্ষমতা আছে।

★কেফিনে স্নেহ পদাৰ্থৰ বিপাকক্রিয়া বৃদ্ধি কৰে আৰু শৰীৰত গ্লাইকোজেন আৰু গ্লক’জ সঞ্চিত হয়। ফলত মস্তিষ্কৰ কার্যক্ষমতা বৃদ্ধি পায়।

★কফি বেছি খালে ভােক নালাগে। পেটটো ভৰি থকাৰ দৰে অনুভৱ হয়।

★গলব্লাডাৰত পান্থৰ হােৱাৰ পৰা ৰক্ষা কৰে কফিত থকা কেফিনে। কিয়নাে কেফিনে কলেষ্টেৰল জমা হােৱাত বাধা দিয়ে।

★কফিত থকা বিভিন্ন ৰাসায়নিক উপাদানে পাকস্থলীত অল্পক্ষৰণ বা এচিডিটি বৃদ্ধি কৰে।সেইবাবে টেঙাপানী ওলােৱা ভাবৰ উপৰি বুকু জুলা-পােৰা অনুভৱ হয়।

★কফি এন্টি এলার্জি গুণসমৃদ্ধ। কফিয়ে হিষ্টামিন নিঃসৰল হ্রাস কৰে বাবে ইয়াত এন্টি এলার্জিক গুণ থাকে।

★হাঁপানী প্রতিৰােধ কৰাৰ বাবে খাব লাগে কফি। কাৰণ ইয়াত থকা থিয়ােফাইলিন হাঁপানীৰ আক্ৰমণৰ পৰা শৰীৰটোক ৰক্ষা কৰে।

★গৱেষকসকলে এই বুলি মন্তব্য কৰিছে যে কফিত উচ্চ এন্টি অক্সিডেন্ট সক্রিয় হৈ থাকে বাবে পার্কিনচনৰ ৰােগ হােৱাৰ আশংকা হ্রাস পায়।

★কফিয়েকটিছলৰ পৰিমাণ বৃদ্ধি কৰে বাবে ৰক্তবাহী নলীত ৰক্ত সংবহন বাধাপ্রাপ্ত হয়। সেইবাবে ৰক্তচাপ বৃদ্ধি হােৱাৰ আশংকা থাকে।

★কফি খালে প্রস্রাৱৰ পৰিমাণ বৃদ্ধি পায়। ফলত বৃক্কত পাৰ্থৰ হােৱাৰ আশংকা হ্রাস পায়।

★যিসকল গৰ্ভৱতী মহিলাই বেছিকৈ কফি খায় তেওঁলােকৰ কেতিয়াবা গর্ভপাত পর্যন্ত হ’ব পাৰে। কম ওজনৰ শিশুৰ জন্ম হােৱাৰ আশংকাও নুই কৰিব নােৱাৰি।

★মহিলাই বেছিকৈ কফি খালে গর্ভধাৰণৰ অক্ষমতাই গা কৰি উঠিব পাৰে।

★পুৰুষৰ ক্ষেত্ৰত শুক্রাণুৰ গতি  মন্থৰ হােৱাৰ আশংকা থাকে।

★বেছি কফি খােৱাৰ ফলত শৰীৰত প্ৰয়ােজনীয় উপাদান জিংক,মেগনেছিয়াম, আয়ৰণ, পটাছিয়াম আদি শােষণত ব্যাঘাত জন্মায়।

Exit mobile version