কেৱল বনাঞ্চলেই নহয়, নগাঁও জিলাৰ নৈ, বিল, জলাশয়ৰো শ শ হেক্টৰ মাটিত অবাধ বেদখল

জৈৱ বৈচিত্ৰ্যলৈ চৰম ভাবুকি

IMG 20211015 081947

নগাঁও জিলাত কেৱল বনাঞ্চল, চৰণীয়া পথাৰ, সত্ৰৰ ভূমিয়েই নহয় জিলাখনৰ একাধিক নৈ, তিনি কুৰিৰো অধিক বিল, জলাশয়ৰ শ শ হেক্টৰ মাটিও বেদখলকাৰীৰ কৱলত পৰিছে । নগাঁও জিলা প্ৰশাসনৰ অমনোযোগিতাৰ সুযোগ গ্ৰহণ কৰি বেদখলকাৰীসকলে নৈ, বিল, জলাশয়ৰ মাটিত বেদখল অব্যাহত ৰাখি নৈ-বিলৰ অস্তিত্ব সংকটাপন্ন কৰি তোলাৰ লগতে জিলাখনৰ জৈৱ বৈচিত্ৰ্যৰ প্ৰতিও চৰম ভাবুকিৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে । জিলাখনত প্ৰধানতঃ কলং, সোণাই, ডিজু, মিছা, চম্পাৱতী প্ৰমুখ্যে নদীসমূহৰ ভূমিত অবাধ বেদখল অব্যাহত আছে ।

নগাঁও চহৰৰ মাজেৰে বৈ যোৱা কলং আৰু চহৰখনৰ কাষেদিয়েই বৈ যোৱা সোণাই নৈৰ ভূমি নগাঁও চহৰ আৰু ইয়াৰ পাৰ্শৱৰ্তী এলেকাৰ ভিতৰতে সৰ্বাধিক বেদখল হোৱা পৰিলক্ষিত হৈছে । পুৰণিগুদামৰ ওচৰৰ পৰা শিয়ালমাৰী পৰ্যন্ত কলং নৈৰ ভূমিত সৰ্বাধিক বেদখল হৈছে । কলঙৰ মাটি বেদখল কৰি তাত নিৰ্মাণ কৰা হৈছে প্ৰকাণ্ড প্ৰকাণ্ড ঘৰ, ব্যৱসায়িক প্ৰতিষ্ঠান।ঠিক একেদৰে নগাঁও চহৰৰ পাৰ্শ্বৱৰ্তী চলচলিত সোণাই নদীৰ ভূমি বেদখল কৰি তাতো গঢ়ি তোলা হৈছে অসংখ্য ব্যৱসায়িক প্ৰতিষ্ঠান আৰু বাসগৃহ । কিন্তু এইবোৰ দেখিও সদায় চকুমুদা কুলিৰ ভাও ধৰি আহিছে নগাঁও জিলা প্ৰশাসন । যাৰ ফলত বেদখলকাৰীৰ দৌৰাত্ম্য দুগুণে বৃদ্ধি পাইছে ।

নগাঁও চহৰ এলেকা আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী এলেকাত কলং আৰু সোণাই নৈৰ পাৰৰ মাটি বেদখল কৰা একাংশ লোকে বেদখলীকৃত নৈৰ পাৰৰ চৰকাৰী ভূমিকেই লাখ লাখ টকা মূল্যত বিক্ৰী কৰাও পৰিলক্ষিত হৈছে । এই বিষয়ে সংবাদ মাধ্যমত সময়ে সময়ে বাতৰি প্ৰকাশ পাই আহিছে যদিও এই সন্দৰ্ভত নগাঁও জিলা প্ৰশাসনে বিষয়টোক কাহানিও গুৰুত্ব আৰোপ কৰা নাই । জিলাখনৰ বিভিন্ন ঠাইতো কলং, সোণাই, ডিজু আৰু মিছা নৈত পাৰৰ ভূমিত বেদখল হৈছে । এতিয়াও সেই বেদখল অব্যাহত আছে ।

ইপিনে, নৈৰ সামন্তৰালকৈ জিলাখনৰ বিভিন্ন বিল-জলাশয়তো একাংশ লোকৰ বেদখল অব্যাহত থকাত বিল-জলাশয়সমূহৰ অস্তিত্বৰ প্ৰতিও ভাবুকি আহিছে । জিলাখনৰ অধীনস্থ বিল আৰু ইয়াৰ জল এলেকাৰ ভূমিৰ পৰিমাণ চৰকাৰী নথিত উল্লেখ থকা অনুসৰি এনে ধৰণৰ-মৰিকলং-পোতাকলং (জল এলেকা-১০২হেক্টৰ), হাৰিভাঙ্গা(১২৫হেক্টৰ), ৯৭নম্বৰ ৰৌমাৰী(১৯.২৬হেক্টৰ), ডিমৌ(২০হেক্টৰ), ১৩০নম্বৰ ৰৌমাৰী(৩৬হেক্টৰ), ১৩৯নম্বৰ এৰা কপিলী(১৪৪হেক্টৰ), শিয়াল খাইটি(২৮হেক্টৰ), জলাগহগা(৬.৮০হেক্টৰ), ৱাৰীডেং কেন্দুগুৰি(৪০হেক্টৰ), শিলডুৱি(৮.৫হেক্টৰ), ৫২(এ)বৰপেটা(২৮.৫৩হেক্টৰ), শুকতিপোতা(১৩হেক্টৰ), দীঘলী-পটলী(২৪.২৮হেক্টৰ), লখনাবন্ধা(৩০হেক্টৰ), লুটুমাৰী গ্ৰান্ট(১৫০হেক্টৰ), চতিয়ান(৩১.৮১হেক্টৰ), বৰকপা(১৮.৫০হেক্টৰ), দীঘলী(১৫হেক্টৰ), লাওপানী(৬২.৬১হেক্টৰ), চামগুৰি(৬০হেক্টৰ), বৰঘূলি(২১.৯৬হেক্টৰ), মেৰ বিল(২২.২৭হেক্টৰ), শিৱস্থান পোতাকলং(৯২.১৩হেক্টৰ), গুৰগুৰীয়া-বৰচিঙা(১৬হেক্টৰ), গাগলমাৰী(৮.৪০হেক্টৰ), ফাকলি(১৫হেক্টৰ) ।

তিনি নম্বৰ সোণাই খণ্ড১(জল এলেকা-১৫.৭৪হেক্টৰ), চাৰি নম্বৰ সোণাই খণ্ড ২-(৫৮.২৯হেক্টৰ), ১০নম্বৰ কলং খণ্ড-৪(১৩৩৩.২৩হেক্টৰ), ৯নম্বৰ কলং খণ্ড -৩ (১৫২.৫১হেক্টৰ), ১৪/১৫নিশাৰী/হাৰিয়া(১৫১.০৮হেক্টৰ)১২০নম্বৰ শিহুৱা পুঠিমাৰী(৩৯.৯৪হেক্টৰ), বৰপানী/ফাকলি(১৯৬.৭৩হেক্টৰ), ১৪১/১৪২বৰালিমাৰী/চিতলমাৰী(জল এলেকা-১৪.০৮হেক্টৰ), ১৪৪নম্বৰ জুৰীয়া(৫.২৪হেক্টৰ), ৫৩নম্বৰ সোণাইবেৰা/জৰামাৰী(২০হেক্টৰ), ৮নম্বৰ কলং খণ্ড-২(২৩২.৫৪হেক্টৰ), ১৯/২০/২১কপিলী(৬১২হেক্টৰ), তুলসীজান(৪৬.২৮হেক্টৰ), মাহৰোল(১৫হেক্টৰ), ননৈ(১৫৪হেক্টৰ), ভেৰভেৰী(১২হেক্টৰ), সাপেখাটি(৫৫.৭৬হেক্টৰ), কাটিমাৰী(১০৯.৮৩হেক্টৰ), চুলুং(৮.৬৯হেক্টৰ), বৰপাতলি/ভাটিখালি(৭২হেক্টৰ), মিছা বিল(২০.৮০ হেক্টৰ), এৰাকলং(১২.৪হেক্টৰ), বাঘমাৰী(১৪.২৬হেক্টৰ), পেনাই(১০.০৮হেক্টৰ), এৰাকলং শেনচোৱা(৩৫.৫হেক্টৰ), গাগলমাৰী(৬.৬হেক্টৰ), বোকাবিল(৯.৬হেক্টৰ), মোৱামাৰী(৫.৯হেক্টৰ), বকুলগুৰি(৭হেক্টৰ), লেতেৰী(২১৪.১৩হেক্টৰ)আৰু কদমসুতি(৬০হেক্টৰ), হাঁহিলা, শান্তিজান আদি ।

এই বিলসমূহে জিলাখনৰ অৰ্থনীতি, জৈৱ বৈচিত্ৰ্যৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰি আহিছিল । কিন্তু নগাঁও জিলা প্ৰশাসন আৰু ৰাজহ বিভাগৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰি একাংশ লোকে জিলাখনৰ ইখনৰ পাছত সিখনকৈ বিলৰ ভূমিৰ ওপৰত বেদখল চলাই যোৱাত বিলসমূহৰ জল এলেকা চিন্তনীয়ভাৱে সংকোচিত হৈ পৰাত ইয়াৰ অস্তিত্বৰ প্ৰতি চৰম ভাবুকি আহি পৰিছে ।

একাংশ বিলৰ পাৰৰ মাটি বেদখল কৰি খেতি-বাতি কৰি অহাৰ পৰিৱৰ্তে আন একাংশ বিলৰ মাটি বেদখল কৰি তাতে বাসগৃহ, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান পৰ্যন্ত গঢ়ি তোলা পৰিলক্ষিত হৈছে । আনকি একাংশ বেদখলকাৰীয়ে বেদখলীকৃত ভূমি অন্য লোকক বিক্ৰী কৰাৰো অভিযোগ উত্থাপিত হৈছে । জিলাখনৰ মৎস উৎপাদনৰ স্থলী নৈ, বিল, জলাশয়ৰ ওপৰত চলা অবাধ বেদখলৰ বাবে ইয়াৰ মীন ক্ষেত্ৰখনলৈকো চৰম ভাবুকি আহি পৰিছে । জিলাখনৰ নৈ, বিল, জলাশয়ৰ জল এলেকাৰ ভূমিত হোৱা বাধাহীন বেদখলৰ বাবে শীত কালত নৈ- বিল-জলাশয়সমূহলৈ দেশী-বিদেশী পৰিব্ৰাজক পক্ষীৰ আগমনো কমিবলৈ ধৰিছে ।

ইমানৰ পাছতো নগাঁও জিলা প্ৰশাসনে জিলাখনৰ নৈ-বিলৰ বেদখলীকৃত ভূমিত বেদখল উচ্ছেদ কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই । সেয়েহে ৰাইজে নৈ, বিল, জলাশয়ৰ বেদখলীকৃত ভূমি বেদখল মুক্ত কৰিবলৈ চৰকাৰক দাবী জনাইছে ।

Exit mobile version