বন্যহস্তীৰ বাবে উৎসৰ্গিত “হাতী বন্ধু”য়ে কৰা দুশ বিঘা মাটিৰ ধান খেতি

পূজা-অৰ্চনা কৰি হাতীৰ বাবে এৰি দিয়া হ'ল খেতিপথাৰ

নগাঁও-হোজাই আৰু কাৰ্বি-আংলং জিলাৰ তাহানিৰ সেউজ অৰণ্যাবৃত পাহাৰমালাসমূহৰ ওপৰত চলি থকা অবাধ ধ্বংস যজ্ঞৰ ফলত পাহাৰ-বনাঞ্চলসমূহ টকলা হৈ পৰিছে । ইয়াৰ ফলত আৱাসস্থলী আৰু খাদ্যৰ তীব্ৰ সংকটত ভুগিবলগীয়া হৈছে বন্যহস্তীসমূহে । কেৱল আৱাসিক এলেকা আৰু খাদ্যৰ অভাৱত পৰিয়েই পাহাৰৰ পৰা বনৰীয়া হাতীৰ জাকসমূহ ভৈয়ামলৈ নামি আহি তাণ্ডৱ কৰিছে । ফলত নগাঁও জিলাৰ বিভিন্ন অঞ্চলত হাতী আৰু মানুহৰ সংঘাতে তীব্ৰ ৰূপ ধাৰণ কৰিছে ।

জিলাখনত হাতী আৰু মানুহৰ সংঘাতে তীব্ৰ ৰূপ ধাৰণ কৰাৰ সময়তে নগাঁও-কাৰ্বি-আংলং সীমান্তৱৰ্তী নগাঁও জিলাৰ হাতীখুলি ৰংহাঙ গাঁৱত একাংশ প্ৰকৃতিপ্ৰেমী সচেতন ৰাইজে বন্যহস্তীৰ খাদ্যৰ অভাৱ দূৰ কৰাৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে । তেওঁলোকৰ উদ্দেশ্য হাতী-মানুহৰ সংঘাত দূৰ কৰা । “হাতী বন্ধু” নামৰ এটা সংগঠনে গুৱাহাটীৰ জ্যেষ্ঠ নাগৰিক প্ৰদীপ ভূঞাৰ পৃষ্ঠপোষকতাত চাপানালাৰ প্ৰকৃতিপ্ৰেমী যুৱক বিনোদ দুলু বৰা আৰু মেঘ্না ময়ুৰ হাজৰিকাৰ উদ্যোগত আৰু হাতীখলি ৰংহাঙবাসীৰ সহযোগত তিনিটা বছৰে কৰি আহিছে নেফিয়াৰ, কুম্ভীৰ, ঔ-টেঙা আৰু ঝাৰুৰ লগতে ২০০বিঘা মাটিত ধানৰ খেতি ।

“হাতী বন্ধু”য়ে কৰা সেই নেফিয়াৰ, ঔ-টেঙা আৰু ঝাৰু খেতি এতিয়া পাহাৰৰ পৰা নামি অহা বন্যহস্তীৰ জাকে উদৰ পূৰাই খোৱা পৰিলক্ষিত হৈছে । ইপিনে, আজিৰ দিনটোৰ পৰাই “হাতী বন্ধু”য়ে হাতীখুলি ৰংহাং গাঁৱত হাতীৰ বাবে কৰা ২০০ বিঘা মাটিৰ ধান খেতি বন্যহস্তীক উদ্দেশ্যি কৰা মাংগিল পূজা-অৰ্চনাৰ পাছতেই এৰি দিয়া হয় বন্যহস্তীক খাবলৈ ।‌ সেয়ে আজিৰ দিনটোত হাতীখুলি ৰংহাঙ গাঁৱত গনেশ দেৱতাক স্মৰণ কৰি বিশেষ পূজা-অৰ্চনা কৰা হয় ।

উল্লেখ্য যে, হাতী-মানুহৰ সংঘাত দূৰ কৰাৰ নিমিত্তে বিগত তিনিটা বছৰে “হাতীবন্ধু”য়ে কৰা এই মহান কৃষিকাৰ্য্যৰ বাবে উপকৃত হৈছে ভৈয়ামৰ কৃষক ৰাইজ ।পাহাৰৰ বনৰীয়া হাতীয়ে এই খাদ্য খায় থকাৰ সময়তেই ভৈয়ামৰ কৃষক ৰাইজে শান্তিৰে চপাব পাৰিছে নিজৰ মূৰৰ ঘাম মাটিত পেলাই কৰা শালি ধানৰ খেতি । আনহাতে, নগাঁও-কাৰ্বি-আংলং সীমান্তৱৰ্তী হাতীখুলি ৰংহাঙ গাঁৱত কৰা বিশেষ কৃষিকাৰ্যৰ বাবে ইয়াৰ সীমান্তৱৰ্তী অঞ্চলসমূহত হাতী-মানুহৰ সংঘাতো ভালেখিনি হ্ৰাস পোৱা বুলি স্থানীয় ৰাইজে জনাইছে ।

ৰাজ্যত প্ৰায়বোৰ স্থানততেই হাতী-মানুহৰ সংঘাতে ভয়াৱহ ৰূপ ধাৰণ কৰা সময়তেই “হাতী বন্ধু”ৰ এই মহান কৃষিকাৰ্যক এতিয়া সকলোৱে একেমুখে প্ৰশংসা কৰিছে । তেওঁলোকৰ এই মহান কাৰ্যক বন বিভাগ আৰু আন প্ৰকৃতিপ্ৰেমী সংগঠনে যি ধৰণে সহায় সহযোগিতা আগবঢ়াব লাগিছিল সেয়া পৰিলক্ষিত হোৱা নাই ।

Exit mobile version