বোকাজানৰ ডিলাইত হাতী দাঁতসহ আটক দুই

ff2836a0 583b 48ba 8f95 68c7f1622d6b

বোকাজান মহকুমাৰ ডিলাই আৰক্ষীৰ নিয়মীয়া তালাছীত আজি ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথত দুটা চোৰাং হাতী দাঁতসহ দুই সৰৱৰাহকাৰী আটক হয়৷

আৰক্ষীৰ সুত্ৰ অনুসৰি এ.এছ.০২এ.চি.৯৮৮৩ নম্বৰৰ এখন বলেৰ’ পিক আপ ভানত ডিমাপুৰ দিশে আনি আছিল হাঁতী দাঁত দুটা ৷

আৰক্ষীয়ে গাড়ীখনত অহা দুই সৰৱাাহকাৰীক আটক কৰে ৷ আটকাধীন দুজন হোজাই যমুনামুখৰ মিণ্টু কৰ্মকাৰ আৰু শ্বাহজাহান আহমেদ ৷ আৰক্ষীয়ে দুই ধৃতৰ জেৰা অব্যাহত ৰাখিছে ৷

Exit mobile version