মাহেকত মাত্ৰ ১৫০০ টকা বিনিয়োগ, ৰিটাৰ্ণ ৩৫ লাখ টকা

134741 post office pti

ডাকঘৰ হৈছে এনে এক বিনিয়োগৰ উৎস য’ত বিনিয়োগকাৰীৰ ধন সদায় সুৰক্ষিত হৈ থাকে । ডাকঘৰৰ বিনিয়োগকাৰীৰ ধনৰ নিৰাপত্তাৰ বাবে অহৰ্নিশে সজাগ হৈ থাকে স্বয়ং কেন্দ্ৰীয় চৰকাৰ । ডাকঘৰত এনে কিছুমান আঁচনি আছে যিয়ে আপোনাক প্ৰচুৰ লাভান্বিত কৰিব পাৰে । আজি এনে এক লাভজনক আঁচনিৰ বাবে আলোচনা কৰো আহক ।

যিখন আঁচনিৰ বিষয়ে আলোচনা কৰিবলৈ লোৱা হৈছে, এই আঁচনিখনে কম টকাৰ বিনিয়োগত ভাল লাভ প্ৰদান কৰে । আঁচনিখনৰ নাম হৈছে, গ্ৰাম সুৰক্ষা আঁচনি । এই আঁচনিখনত প্ৰতিদিনে মাত্ৰ ৫০ টকা জমা কৰিলে অৰ্থাৎ প্ৰতিমাহে মাত্ৰ ১৫০০ টকা বিনিয়োগ কৰিলে, ম্যাদ পূৰণৰ শেষত যথেষ্ট ধন হাতলৈ আহে বিনিয়োগকাৰীৰ ।

গ্ৰাম সুৰক্ষা আঁচনিত আপুনি কিমান টকা পাব ?

যদি এজন ব্যক্তিয়ে প্ৰতি মাহে ১৫০০ টকাকৈ বিনিয়োগ অব্যাহত ৰাখে, তেন্তে তেওঁ ৩১ৰ পৰা ৩৫ লাখ টকা নিশ্চিতভাৱে লাভ কৰিব । আটাইতকৈ ডাঙৰ লাভটো হ’ল, আঁচনিখনে জীৱন বিমাৰ সুবিধাও প্ৰদান কৰে । ইয়াৰ উপৰি, ইয়াৰ পৰা ঋণো ল’ব পাৰি । অৱশ্যে, আঁচনি ক্ৰয়ৰ ৪ বছৰৰ পাছতহে এই ঋণৰ লাভালাভ উপলব্ধ ।

বিনিয়োগৰ নিয়মবোৰ কি ?

১৯ৰ পৰা ৫৫ বছৰ বয়সৰ যিকোনো ভাৰতীয় নাগৰিকে এই আঁচনিত বিনিয়োগ কৰিব পাৰে । এই আঁচনিৰ নিম্নতম বিনিয়োগ বছৰি ১০ হেজাৰ টকা । আনহাতে, বিনিয়োগৰ সৰ্বোচ্চ সীমা বছৰি ১০ লাখ টকা । আঁচনিখনৰ বাবে প্ৰিমিয়াম প্ৰতি মাহে, তিনি মাহৰ মূৰে মূৰে, ছয় মাহৰ মূৰত বা বছৰি কৰিব পাৰে । উল্লেখ্য, আঁচনিখনত ঋণৰ সুবিধাও আছে । কিন্তু আপুনি ৪ বছৰৰ পৰা সেই সুবিধা ল’ব পাৰে ।

আঁচনিখন লোৱাৰ পাছত আপুনি বিচাৰিলে আঁচনিখন বন্ধ‌ও কৰিব পাৰে । কিন্তু অতি কমেও ৩ বছৰৰ প্ৰিমিয়াম দিয়াৰ পাছতহে আঁচনিখন বন্ধ কৰিব পাৰিব । ইয়াৰ পূৰ্বে বন্ধ কৰিলে বিনিয়োগকাৰীয়ে এটকাও ঘূৰাই নাপায় । যদি ৩ বছৰৰ পাছত আঁচনিখন বন্ধ কৰে, তেন্তে জমা হোৱা মুঠ ধনৰাশি ঘূৰাই পাব ।

লাভ কিমান হ’ব ?

ধৰি ল‌ওক এজন ব্যক্তিয়ে ১৯ বছৰৰ বয়সত এই আঁচনিখনত বিনিয়োগ কৰা আৰম্ভ কৰিছিল । যদি তেওঁ মাহে ১৫১৫ টকা জমা কৰে, তেন্তে তেওঁ ৫৫ বছৰৰ পাছত মুঠ ৩১.৬০ লাখ টকা লাভ কৰিব । আনহাতে, যদি তেওঁ ৬০ বছৰৰ বাবে এই ধন পৰিশোধ কৰি থাকে, তেন্তে তেওঁ ৩৪.৬০ লাখ টকাৰ ম্যাদপূৰ্তি লাভ কৰিব ।

উল্লেখ্য যে গ্ৰাম সুৰক্ষা আঁচনিখন গ্ৰাম্য ডাক জীৱন বিমাৰ অধীনত আছে । ইচ্ছুক বিনিয়োগকাৰীয়ে যিকোনো ডাকঘৰলৈ গৈ এই আঁচনিত বিনিয়োগ আৰম্ভ কৰিব পাৰিব ।

Exit mobile version