সমগ্র দিল্লীত ভয়াৱহ প্ৰদূষণৰ বাবে তলাবন্ধৰ সম্ভাৱনা

পুনৰ অনলাইনযােগেহে চলিব পাঠদান-কার্যালয়ৰ কাম-কাজ

1600776738 3926

ভয়াৱহ প্রদূষণে ছানি ধৰিছে দেশৰ ৰাজধানী দিল্লীক। দিল্লী আৰু ইয়াৰ ওচৰ-পাজৰৰ নগৰাঞ্চলত বিগত এসপ্তাহ ধৰি অভূতপূর্ব ধূলিময় আৱৰণৰ সৃষ্টি হৈছে।

সমগ্র দিল্লীৰ এনে পৰিস্থিতিক লৈ দেশৰ উচ্চতম ন্যায়ালয়াে গভীৰভাৱে উদ্বিগ্ন। এনে অৱস্থাৰ পৰা দিল্লীবাসীক ৰক্ষা কৰিবলৈ মুখ্য ন্যায়াধীশ এন ভি ৰামান্নাই দীর্ঘম্যাদী পৰিকল্পনাৰ লগতে জৰুৰীকালীন পৰিকল্পনাত অগ্রাধিকাৰ দিবলৈ আহ্বান জনায় কেন্দ্রীয় চৰকাৰক।

তেওঁ কয়, ‘পৰিস্থিতি ইমানে বেয়া যে আমি আমাৰ ঘৰতাে মাস্ক পৰিধান কৰি থাকিবলগীয়া হৈছে। অহা সােমবাৰৰ ভিতৰত কেন্দ্ৰ আৰু ৰাজ্যক উত্তৰ দিবলৈ কয় মুখ্য ন্যায়াধীশে।

তেওঁ কয়, ‘জৰুৰীকালীন ব্যৱস্থা কিদৰে ল’বলৈ পৰিকল্পনা কৰিছে আমাক সেই কথা কওক। দুদিনীয়া তলাবন্ধ নেকি?’ মুখ্য ন্যায়াধীশে এইদৰে কয় যে অন্ততঃ দুই-তিনিদিনৰ ভিতৰতে পৰিস্থিতি উন্নত হােৱাকৈ কিবা এটা কৰিব লাগিব ৰাজ্য চৰকাৰ আৰু কেন্দ্রীয় চৰকাৰে।

দিল্লী চৰকাৰে আদালতত স্বীকাৰ কৰে যে দিল্লীত শ্বাস-প্রশ্বাস লােৱাটো এদিনত ২০টা চিগাৰেট সেৱন কৰাৰ সমান। পৰিস্থিতিৰ ভয়াৱহতা স্বীকাৰ কৰে দিল্লী চৰকাৰে।

ইপিনে, দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কয় যে সােমবাৰৰ পৰাবিদ্যালয়সমূহত পাঠদান বন্ধ থাকিব। অনলাইনৰ জৰিয়তে শিক্ষাদান কৰা হ’ব। চৰকাৰী বিভাগৰ লােকসকলেও ঘৰৰ পৰাই কাম কৰিব।

তদুপৰি সকলাে নির্মাণ কার্য বন্ধ থাকিব। চৰকাৰী কার্যালয় আদি সাতদিনৰ বাবে বন্ধ থাকিব যদিও নির্মাণ কার্য ১৪ নৱেম্বৰৰ পৰা ১৭ নৱেম্বৰলৈ চাৰিদিনৰ বাবে বন্ধ থাকিব।

কেজৰিৱালে প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে চাৰিদফীয়া পৰিকল্পনা লৈছে। তেওঁ কয় যে এসপ্তাহৰ বাবে বিদ্যালয়সমূহৰ শ্ৰেণীকোঠাত পাঠদান বন্ধ থাকিব যদিও অনলাইনযােগে পাঠদান চলি থাকিব। এসপ্তাহৰ বাবে এশ শতাংশই সমর্থ চৰকাৰী কাম-কাজ চলিব অনলাইনত।

Exit mobile version