Imran Khan : অৱশেষত সেউজ সংকেত, কাবুলত গম প্ৰেৰণ কৰিবলৈ দিল্লীৰ প্রস্তাৱত সন্মতি ইমৰান চৰকাৰৰ

ক্ষমতাৰ পটপৰিৱর্তনৰ লগে লগে ভয়াবহ খাদ্য সংকটৰ গৰাহত আফগানিস্তান । এনে পৰিস্থিতিৰ বিৰুদ্ধে যুঁজ দিবলৈ সেই দেশত গম পঠাই আফগান জনতাক সহায় কৰিব বিচাৰিছে ভাৰতে । কিন্তু যি বিপুল পৰিমাণৰ গম কাবুলত দিয়াৰ পৰিকল্পনা কৰিছে নতুন দিল্লীয়ে, সেয়া কোনো কাৰণতে আকাশ পথেৰে যোৱা সম্ভৱ নহয় । পাকিস্তানৰ পথেৰেই পঠাব লাগিব সেইবোৰ । ভাৰতৰ পৰা প্ৰেৰণ কৰা গমৰ ট্রাক আফগানিস্তানত দিবলৈ পাকিস্তানৰ পথ ব্যৱহাৰ কৰাৰ অনুমতি বিচাৰিছিল মোদী চৰকাৰে । কিছুদিন ফাইলবন্দি ৰখাৰ পাছত অৱশেষত আজি সেই প্রস্তাৱত সেউজীয়া সংকেত দিছে ইমৰান খানৰ চৰকাৰে ।

পাকিস্তানৰ প্রধানমন্ত্রীৰ দপ্তৰৰ পৰা আজি টুইট কৰি কয়, ‘‘আফগানিস্তানত গম পঠোৱাৰ বিষয়ত ভাৰতে দিয়া প্ৰস্তাৱত অনুমোদন দিবৰ বাবে আফগান ভাইসকলে অনুৰোধ কৰিছিল । প্রধানমন্ত্রী ইমৰান খানে জনাইছে, এনে পৰিস্থিতিত পাকিস্তানে ইতিবাচক মনোভাব লৈ প্রস্তাৱটো বিবেচনা কৰিব । কেনেদৰে এয়া বাস্তৱায়িত কৰা হ’ব, সেই বিষয়টো পৰ্যবেক্ষণ কৰা হৈছে । মানৱীয় দৃষ্টিকোণৰ পৰা এই ব্যতিক্রমী সিদ্ধান্ত গ্ৰহণ কৰিছে ইছলামাবাদে ।’’

পাক প্রধানমন্ত্রীৰ দপ্তৰৰ এই টুইট কৰাৰ আগতে আফগানিস্তানৰ তালিবান চৰকাৰৰ বৈদেশিকমন্ত্রী আমিৰ খান মুত্তাকিৰ নেতৃত্বত এটা প্রতিনিধি দলে ইমৰানৰ স’তে দেখা কৰে । গম পঠোৱাৰ বিষয়টো সেই আলোচনাত উত্থাপিত হয় । সেই বৈঠকতেই ভাৰতৰ প্রস্তাৱত ইছলামাবাদে সেউজীয়া সংকেত দিয়াৰ আশ্বাস দিয়ে পাকিস্তানৰ প্রধানমন্ত্রীয়ে । লগতে, আফগানিস্তানৰ সংকটৰ বিৰুদ্ধে যুঁজত ইছলামাবাদে সকলো ধৰণৰ সহযোগিতা কৰিব বুলিও তেওঁ আশ্বাস দিয়ে । ইমৰানৰ দপ্তৰে জনাইছে, আফগানিস্তানৰ নিৰাপত্তা আৰু সন্ত্রাস মোকাবিলা সংক্রান্ত পদক্ষেপবোৰ, আফগানিস্তানবাসীৰ অধিকাৰ, চৰকাৰ পৰিচালনাৰ দৰে বিষয়সমূহক লৈ তালিবানৰ প্রতিনিধি দলৰ স’তে আলোচনা কৰিছে প্রধানমন্ত্রীয়ে ।

যুদ্ধ বিধ্বস্ত আফগানিস্তানত ভয়াবহ খাদ্য সংকটৰ সম্ভাৱনাৰ কথা আগতেই জনাইছিল ৰাষ্ট্ৰসংঘই । তালিবানৰ নিয়ন্ত্রণত থকা আফগানিস্তানত ভাৰতে যে খাদ্য প্ৰেৰণ কৰিব বিচাৰিছে, সেই কথা অক্টোবৰতেই প্ৰকাশ্যত আহিছিল । তালিবান নেতৃত্বৰ স’তে আলোচনাৰ সময়তেই নতুন দিল্লীয়ে এই ধৰণৰ সাহায্যৱ প্রস্তাৱ দিছিল । তালিবানে আফগানিস্তানৰ ক্ষমতা দখলৰ পাছৰ পৰা দিনক দিনে সংকট বৃদ্ধি পাইছে । ইউএন ৱর্ল্ড ফুড প্রোগ্রাম-ৰ বিষয়াসকলে শংকা প্রকাশ কৰি কয়, এতিয়াই উপযুক্ত পদক্ষেপ গ্ৰহণ নকৰিলে এই শীতকালৰ পৰাই আফগানিস্তানৰ লাখ লাখ মানুহে পেটৰ তাৰণাত ভুগিব । অনাহাৰে দিন কটাবলগীয়া হ’ব পাৰে দেশৰ প্রায় ৫৫ শতাংশ লোকে ।

Exit mobile version