Indian Railways : টিকিট কাটিব নোৱাৰিব, সাত দিন ছঘণ্টা বন্ধ থাকিব ৰেলৰ আসন সংৰক্ষণ ব্যৱস্থা

Indian Railways 27thFeb

ক’ভিড পৰিস্থিতিত বহু ট্রেইন স্বাভাৱিক নিয়ম অনুসৰি চলাচল কৰা নাই । কিছুসংখ্যক ট্রেইনক ‘স্পেচিয়েল’ আখ্যা দি চলোৱা হৈছে । এই ক্ষেত্রত বহু মেইল, এক্সপ্রেছ, পেছেঞ্জাৰ ট্রেইনৰ নির্দিষ্ট নম্বৰ নাছিল । ভাৰাও আছিল সাধাৰণতকৈ ৩০ শতাংশ অধিক । সম্প্ৰতি ৰেল বিভাগে জনাইছে পুনৰ স্বাভাৱিক অৱস্থাত ঘূৰি আহিব সেৱা । সেইটো কৰিবৰ বাবেই দেওবাৰৰ পৰা সাত দিন ছঘণ্টাৰ বাবে টিকিট সংৰক্ষণ ব্যৱস্থা বন্ধ থাকিব ।

ৰেল বিভাগৰ তৰফৰ পৰা জনোৱা হৈছে, ১৪ আৰু ১৫ নৱেম্বৰৰ মাজনিশাৰ পৰা সেৱ বন্ধ ৰখা হ’ব । এই বন্ধ ২০ আৰু ২১ নৱেম্বৰৰ মাজনিশা পর্যন্ত অব্যাহত থাকিব । এই কেইদিন নিশা ১১.৩০ বজাৰ পৰা পুৱা ৫.৩০ বজা পর্যন্ত বন্ধ থাকিব পেছেঞ্জাৰ ৰিজার্ভেছন ছিষ্টেম (পিআৰএছ) ।

ৰেল বিভাগৰ তৰফৰ পৰা জনোৱা হৈছে, এই সময়ছোৱাত টিকিট কাটিব নোৱাৰাৰ লগতে, ট্রেইন আৰু সংৰক্ষণ সংক্রান্ত সন্ধান কৰা, কোনো টিকিট বাতিল কৰাও সম্ভৱ নহ’ব । সম্পূৰ্ণ ব্যৱস্থাটোৱে বন্ধ থাকিব । অনলাইন বা অফলাইন কোনো ধৰণৰে এই সময়ত টিকিট সংক্রান্ত কোনো সেৱা দিব নোৱাৰিব ৰেল বিভাগে । অৱশ্যে এই সময়ছোৱাত যিসমূহ ট্রেইন চলাচল কৰিব তাৰ তালিকা তৈয়াৰসহ অন্যান্য কাম আগে ভাগেই সম্পন্ন কৰিব ৰেল কৰ্তৃপক্ষই । পিআৰএছ সংক্রান্ত সন্ধান লাভ নকৰিললেও এই সময়ছোৱাত ১৩৯ নম্বৰত ফোন কৰিলে ৰেলৰ অনুসন্ধান কেন্দ্রত যোগাযোগ কৰিব পাৰিব । এই সেৱা বন্ধ নাথাকে ।

Exit mobile version