Raj-Shilpa:পুনৰ নতুন বিতৰ্ক !এইবাৰ প্ৰতাৰণাৰ অভিযোগত ৰাজ-শিল্পাৰ বিৰুদ্ধে এফআইআৰ

1626786909 raj shilpa

পুনৰ বিতৰ্কৰ মাজত শিল্পা চেট্টী আৰু ৰাজ কুন্দ্ৰা। প্ৰৱঞ্চনাৰ অভিযোগত নীতিন ঘাদাই নামৰ এজন ব্যক্তিয়ে শিল্পা চেট্টী আৰু ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে দাখিল কৰিলে এজাহাৰ।

অভিযোগত কোৱা হৈছে, কাশিফ খান নামৰ এজন ব্যক্তিয়ে নিতিনক তেওঁৰ জিম ‘এছএফএল ফিটনেছ’ কোম্পানীত ১.৫ কোটি টকা বিনিয়োগ কৰিবলৈ কয়। কাশিফৰ লগত আছিল শিল্পা আৰু ৰাজ ।

নীতিনক কোম্পানীটোৰ ফ্ৰেঞ্চাইজিৰ প্ৰতিশ্ৰুতি দিছিল তেওঁলোকে । কেৱল সেয়াই নহয়। তেওঁলোকে মানুহজনক পুনেত এটা স্পা আৰু জিম খুলিবলৈও কয় ।

কিন্তু শেষত, ৰাজ, শিল্পা বা তেওঁলোকৰ সহায়কসকলে কোনো প্ৰতিশ্ৰুতি পূৰণ নকৰিলে। যেতিয়া তেওঁ বিনিয়োগৰ ধন ঘূৰাই বিচাৰিছিল তেতিয়া নীতিনক বিভিন্ন ধৰণে ভয় খুৱাই। ৰাজ-শিল্পাৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ একাধিক ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হৈছে।

Exit mobile version