Sonu Sood : পঞ্জাৱ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব ছনু ছুদে ?

News247plus news image 18420 BollywoodStarSonuSood SonuSoodsisterMalvika SonuSood SonuSoodsisterinPolitics 1623839177

তেওঁ সেই সংগঠনতেই যোগ দিব, য’ত প্ৰতাৰণা কৰাৰ সম্ভাৱনা নাই । স্বাধীনভাৱে কাম কৰাৰ স্বাধীনতা পোৱা যাব— ৰাজনীতিত যোগ দিয়া সন্দৰ্ভত প্রশ্ন কৰাত এ কথাই জনালে অভিনেতা ছনু ছুদে । লগতে এইটোও জনায় যে, ৰাজনীতিৰ পথাৰত ভৰি থ’বলৈ তেওঁৰ ভগ্নী সম্পূৰ্ণ প্ৰস্তুত । অৱশ্যে কোন দলত যোগ দিব, সেইটো এতিয়াও ঠিক হোৱা নাই ।

এতিয়াই ৰাজনীতিত যোগ দিয়াৰ ইচ্ছে নাথাকলেও, তেওঁৰ ভগ্নী মালবিকা যে ৰাজনীতিত নামিবলৈ প্ৰস্তুত দেওবাৰে সেই কথা জনায় ছনুৱে, তেওঁৰ পৰিয়ালৰ উৎসাহৰ স্থল হ’ল শিক্ষা আৰু স্বাস্থ্য‌ । পঞ্জাৱৰ মানুহক সেৱা কৰাৰ ইচ্ছাও আছে তেওঁৰ । মালবিকাই সেই দিশতেই কাম কৰিব বিচাৰে ।

মালবিকাই কোন ৰাজনৈতিক দলত যোগ দিব, সেই প্রশ্নৰ উত্তৰত ছনুৱে কয়, ‘‘ৰাজনৈতিক দল গুৰুত্বপূর্ণ নহয়, প্ৰকৃত বিষয়টো হ’ল নীতি । মোৰ ভগ্নীয়ে জনতা আৰু সমাজৰ কল্যাণত কাম কৰাৰ সপোন দেখিছে । এইবাৰ তেওঁৰ সেই লক্ষ্যৰেই যাত্রা আৰম্ভ হ’ল ।’’

কিন্তু কোন ৰাজনৈতিক দলৰ হৈ নামিব মালবিকা ? ছনুৱে কয়, ‘‘আপ আৰু কংগ্রেছ, দুটাই ভাল দল ।’’ কেইদিনমান আগতেই দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱাল আৰু পঞ্জাৱৰ মুখ্যমন্ত্রী চৰণজিৎ সিং চন্নীক লগ কৰিছিল ছনুৱে । লগতে শিৰোমনি অকালি দলৰ সভাপতি সুখবীৰ সিং বাদলকো লগ কৰিছিল বুলি তেওঁ জনায় ।

দল ঠিৰাং নকৰিলেও, মালবিকাই ক’ৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব বিচাৰে, সেয়া স্পষ্টভাৱে জনালে ছনুৱে । ছনু পঞ্জাৱৰ মোগাৰ বাসিন্দা । মালবিকাই সেই ঠাইৰ পৰাই আসন্ন বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব বিচাৰে । ভগ্নীৰ সন্দৰ্ভত কৰা প্রশ্নৰ স্পষ্ট উত্তৰ দিলেও, তেওঁৰ নিজৰ ৰাজনৈতিক আকাংক্ষাক লৈ বিশেষ একো জনোৱা নাই অভিনেতাজনে । কেৱল জনাইছে, এতিয়াও সেই সময় অহা নাই । কিন্তু যেতিয়া সেই সময় আহিব নীতিৰ ভিত্তিতেই দল নিৰ্বাচন কৰিব । য’ত প্ৰতাৰণা কৰা লোক নাই আৰু স্বাধীনভাৱে কাম কৰাৰ সুযোগ লাভ কৰিব তেনে দলতে যোগ দিব । ছনুৱে কয়, ‘‘সেই সংগঠন ৰাজনৈতিক বা অৰাজনৈতিক, যিকোনো হ’ব পাৰে ।’’

Exit mobile version