কলগাছিয়াৰ উদমাৰীত জননেতা আতোৱাৰ ৰহমানৰ জন্ম শতবাৰ্ষিকী উদযাপন

চৰকাৰক কটাক্ষ বিৰোধী দলপতি দেবব্ৰত শইকীয়াৰ

অসম চৰ চাপৰি সাহিত্য মঞ্চ আৰু আতাউৰ ৰহমান কলেজ অৱ এডুকেছনৰ যৌথ উদ্যোগত বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ অন্তৰ্গত আতাউৰ ৰহমান কলেজ অৱ এডুকেছন, উদমাৰীত জননেতা প্ৰয়াত আতাউৰ ৰহমানৰ জন্ম শতবাৰ্ষিকী উদযাপন অনুষ্ঠানৰ সামৰণি পৰে ।

দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত সামৰণি অনুষ্ঠানত বিৰোধী দলপতি দেবব্ৰত শইকীয়াই উপস্থিত থাকি আতোৱাৰ ৰহমানৰ কৰ্মৰাজীৰ ওপৰত ভাষণ প্ৰদান কৰে । তেওঁ লগতে মূল্যবৃদ্ধিৰ কাৰণে চৰকাৰক কটাক্ষ কৰে আৰু উচ্ছেদিত ভূমিহীন লোকক ভূমি প্ৰদান কৰিবলৈ চৰকাৰ বাধ্য বুলিও কয় ।

সভাত মুখ্য অতিথি হিচাপে বিশিষ্ট সাংবাদিক, সাহিত্যক হাইদৰ হুছেইন, বৰপেটাৰ সাংসদ আব্দুল খালেক, বিশিষ্ট সাংবাদিক ছাহজাহান তালুকদাৰেও প্ৰয়াত আতাউৰ ৰহমান আৰু সাম্প্ৰতিক পৰিস্থিতি সম্পৰ্কত ভাষণ প্ৰদান কৰে ।

সভাত বিশিষ্ট সাংবাদিক খবিৰ আহমেদে লিখা এখন গন্থ আৰু উদযাপন সমিতিৰ সম্পাদনাত আতোৱাৰ ৰহমান সোঁৱৰণী গন্থ উম্মোচন কৰে বিশিষ্ট সাংবাদিক হাইদৰ হুছেইনে ।

Exit mobile version