ৰাষ্টীয় নিৰাপত্তা উপদেষ্টাৰ বক্তব্যক লৈ বিতর্কৰ সূত্রপাত

ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি বিপজ্জনক হৈ উঠিব পাৰে নাগৰিক

ajit doval1 70

ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ড’ভালৰ শেহতীয়া এক বক্তব্যই ব্যাপক প্রতিক্রিয়াৰ সৃষ্টি কৰিছে। দেশৰ নাগৰিক ৰাষ্ট্ৰীয় নিৰাপত্তাৰ ক্ষেত্ৰত বৃহৎ বিপদ হৈ উঠিব পাৰে বুলি ড’ভালে কৰা মন্তব্যই প্রতিক্রিয়াৰ সৃষ্টি কৰিছে।

হায়দৰাবাদত শেহতীয়াকৈ এক অনুষ্ঠানত ভাষণ দি তেওঁ কয়, নাগৰিক সমাজ এতিয়া নতুন যুদ্ধ ক্ষেত্র। কাৰণ নাগৰিক সমাজক ব্যৱহাৰ কৰি ৰাষ্ট্ৰীয় স্বাৰ্থত আঘাত হনাৰ চেষ্টা চলিব পাৰে। ড’ভালৰ এই মন্তব্যই নতুন বিতর্কৰ জন্ম দিব পাৰে বুলি ধাৰণা কৰা হৈছে।

প্ৰসংগক্রমে উল্লেখ্য যে সাম্প্রতিক সময়ত নাগৰিক সমাজৰ বিৰােধী কণ্ঠস্বৰক দমনৰ অভিযােগ উঠিছে বর্তমান শাসক পক্ষৰ বিৰুদ্ধে। জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়, জামিয়া-মিলিয়া বিশ্ববিদ্যালয়, ভীমা কড়েগাঁৱৰ ঘটনা, শ্বহীনবাগৰ প্রতিবাদ, দিল্লীৰ সাম্প্রদায়িক সংঘর্ষ, কৃষক আন্দোলনৰ পৰা আৰম্ভ কৰি পেগাছাছ পর্যন্ত অসংখ্য ঘটনা নাগৰিক সমাজৰ গণতান্ত্রিক অধিকাৰৰ ওপৰত দমন নীতি জাপি দিয়া হৈছে বুলি ঘৰে-বাহিৰে সমালােচিত হৈছে মােদী চৰকাৰ।

কৃষক আন্দোলনৰ সমৰ্থনত টুইট কৰিলেও দেশ বিৰােধী ষড়যন্ত্র বুলি দমন কৰাৰ অভিযােগ উঠিছে। এনে এক প্রেক্ষাপটত ড’ভালৰ মন্তব্যই নতুন বিতর্ক সৃষ্টি কৰিলে। নাগৰিক সমাজক একপ্রকাৰ বিপজ্জনক বুলি ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টৰ ভাষ্যই সেয়েহে প্রতিক্রিয়াৰ সৃষ্টি কৰিছে।

লক্ষ্যণীয়ভাৱে তেওঁ কয় যে নাগৰিক সমাজ এতিয়া যুদ্ধৰ নৱতম ক্ষেত্র। নাগৰিক সমাজৰ ভিতৰত এতিয়া আভ্যন্তৰীণ কন্দলৰ সৃষ্টি কৰি বিভাজন কৰি ফুচুলাই ৰাষ্ট্ৰৰ স্বার্থবিৰােধী কামত লগাব পাৰে বুলি ড’ভালে মন্তব্য কৰে।

ৰাজনৈতিক আৰু সামৰিক লক্ষ্য সাধনত যুদ্ধ এতিয়া আৰু কাৰ্যকৰী নহয়; কিয়নাে সেয়া ব্যয় সাপেক্ষ, অসাধ্য আৰু অনুচিত বুলি উল্লেখ কৰে ড’ভালে। এনে পৰিস্থিতিত নাগৰিক সমাজ ব্যৱহাৰ কৰি উদ্দেশ্য সাধনৰ প্রৱণতা সৃষ্টি হয় বুলি তেওঁ মত প্রকাশ কৰে।

ইপিনে, বিৰােধী শিবিৰ আৰু নাগৰিক সমাজৰ বৃহৎ অংশৰ মতে, বিজেপিয়ে সমাজত বিদ্বেষ আৰু বিভাজনৰ বীজ ৰােপণ কৰিছে। সম্প্রীতিৰ পৰিৱেশ নষ্ট কৰিছে।

Exit mobile version