মহানগৰত ‘জাৰ্নেলিষ্ট ইউনিয়ন অৱ আছাম’ৰ ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন

সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ ৰাজধানী গুৱাহাটী মহানগৰতো উদযাপন কৰা হয় ৰাষ্ট্ৰীয় প্ৰেছ দিৱস ৷ ৰাজ্যৰ অগ্ৰণী সাংবাদিক সংগঠন ‘জাৰ্নেলিষ্ট ইউনিয়ন অৱ আছাম’ৰ উদ্যোগত আৰু ‘জুৱা’ৰ গুৱাহাটী মহানগৰ কমিটীৰ সহযোগত মঙলবাৰে অসম সচিবালয় খেলপথাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় প্ৰেছ দিৱস ৷

কাৰ্যসূচী অনুসৰি, পতাকা উত্তোলন আৰু বন্তী প্ৰজ্বলন কৰে ক্ৰমে ইণ্ডিয়ান জাৰ্নেলিষ্ট ইউনিয়নৰ ৰাষ্ট্ৰীয় সভাপতি গীতাৰ্থ পাঠক আৰু “দৈনিক অগ্ৰদূত”ৰ সম্পাদক প্ৰাঞ্জল সেন ডেকাই ৷ আনহাতে, প্ৰেছ দিৱসৰ লগত সংগতি ৰাখি অনুষ্টুপীয়াকৈ অনুস্থিত সভাত সভাপতিত্ব কৰে জুৱা-ৰ প্ৰাক্তন সভাপতি তথা প্ৰবীন সাংবাদিক গীতাৰ্থ পাঠকে ৷

জুৱা-ৰ কাৰ্যকৰী সভানেত্ৰী চেমিম চুলতানা আহমেদে আঁত ধৰা সভাখনত বিশিষ্ট অতিথিৰূপে ভাষণ প্ৰদান কৰে জ্যেষ্ঠ সাংবাদিক প্ৰাঞ্জল সেন ডেকাই ৷ সভাত জুৱা-ৰ গুৱাহাটী মেট্ৰ’ কমিটীৰ সভাপতি পলাশ ৰঞ্জন দাস, উপ-সভাপতি কেশৱ বৰুৱা, সাংবাদিক ৰন্টু নেওগ, পল্লৱী শইকীয়া, প্ৰীতি প্ৰিয়দৰ্শনীসহ বহু কেইগৰাকী সংবাদকৰ্মী উপস্থিত থাকি সভাৰ সৌস্তৱ বৃদ্ধি কৰে ৷

Exit mobile version