লক্ষীপুৰত জব্দ বৃহৎ পৰিমাণৰ বিদেশী চিগাৰেট, আটক চাৰি

consumers of cigarettes have to part with more money after the local manufacturer doubled the prices of the products

কাছাৰ জিলাৰ লক্ষীপুৰত জব্দ বৃহৎ পৰিমাণৰ বিদেশী চিগাৰেট ৷ 134BN বিএএছএফৰ অভিযানত জব্দ হয় প্ৰায় এক কোটি ৭৫ লাখ টকাৰ বিদেশী চিগাৰেট ৷ আটক চাৰি সৰবৰাহকাৰী যুৱক ৷

গোপন সূত্ৰৰ ভিত্তিত আজি পুৱতিনিশা ex 134bn BSFৰ এটা দলে কাছাৰ জিলাৰ লক্ষীপুৰ অঞ্চলত AS01LC1821 নম্বৰৰ এখন মহিন্দ্ৰা পিকআপ ভেনত তালাচি অভিযান চলাই প্ৰায় ৪৩ কাৰ্টুন বিদেশী চিগাৰেট জব্দ কৰিবলৈ সক্ষম হয় ৷

লগতে আটক কৰা চাৰি সৰবৰাহকাৰী যুৱক ক্ৰমে আৰসাদ হুছেইন, ফৰিজ খান, বিবেক কাশ্যপ আৰু সুৰেশ কুমাৰ সাহু ৷ মণিপুৰৰ পৰা চিগাৰেটখিনি অনা হৈছিল ৷ ধৃতকেইজনক আৰক্ষীৰ জেৰা অব্যাহত ৷

Exit mobile version