সাধাৰণ ব্যক্তিৰে বিবাহ সম্পন্ন কৰা জাপানৰ প্ৰাক্তন ৰাজকুমাৰীয়ে কৰিলে দেশত্যাগ

A princesa Mako D e seu noivo Kei Komuro anunciam seu noivado em Toquio em 2017

ৰাজকীয় পৰিচয় ত্যাগ কৰি সাধাৰণ নাগৰিকৰ স’তে বিবাহ সম্পন্ন কৰা জাপানৰ প্ৰাক্তন ৰাজকুমাৰীয়ে তেওঁৰ স্বামীৰ স’তে জাপান ত্যাগ কৰিলে । প্ৰাক্তন ৰাজকুমাৰী মাক’ ক’মুৰুৱে তেওঁৰ স্বামী কেই ক’মুৰুৰ স’তে ইতিমধ্যে আমেৰিকাৰ নিউ য়ৰ্কত উপস্থিত হৈছে । সাধাৰণ নাগৰিকৰ স’তে মাক’‌ই বিবাহ সম্পন্ন কৰাৰ পাছৰে পৰা ক’মুৰু দম্পত্তীয়ে জাপানত যথেষ্ট সমালোচনাৰ সন্মুখীন হৈছিল ।

উল্লেখ্য যে মাক’ৰ স্বামী কেয়ে নিউ য়ৰ্কৰ এটা আইন প্ৰতিষ্ঠানত চাকৰি কৰে । যোৱা মাহত কেইৰ স’তে টকিঅ’ত আইনগতভাৱে বিবাহৰ পঞ্জীয়ন কৰোৱাৰ পাছত মাক’ৱে কৈছিল যে তেওঁ নিজৰ জীৱনটো এনে এজন ব্যক্তিৰ স’তে অতিবাহিত কৰিবলৈ বিচাৰে, যিজন ব্যক্তিক তেওঁ অন্তৰৰ পৰা ভাল পায় । নিজৰ প্ৰেমক ধৰি ৰাখিবলৈকে মাক’ৱে ৰাজকুমাৰীৰ মৰ্যাদা আৰু স্বীকৃতি ত্যাগ কৰি নৱ বিবাহত স্বামীৰ স’তে আমেৰিকাত আশ্ৰয় গ্ৰহণ কৰিলে । অৱশ্যে জাপানৰ ইতিহাসত ৰাজকন্যাই বিবাহজনিত কাৰণত ৰাজকীয় মৰ্যাদা আৰু স্বীকৃতি ত্যাগ কৰাৰ ঘটনা এয়ে প্ৰথম নহয় ।

ইয়াৰ পূৰ্বেও জাপানত একাধিক ৰাজকুমাৰীয়ে সাধাৰণ নাগৰিকৰ স’তে বিবাহ সম্পন্ন কৰাৰ কাৰণত ৰাজপৰিয়ালৰ স’তে সম্পৰ্ক ত্যাগ কৰিব লগা হৈছিল । মাক’ হৈছে জাপানৰ সম্ৰাট নৰুহিটুৰ ভতিজী । নৰুহিটুৱেও ৰাজপৰিয়ালৰ সদস্য নোহোৱা সাধাৰণ মহিলা মাছাক’ৰ স’তে বিবাহ সম্পন্ন কৰিছিল ।

Exit mobile version