ক’ভিড সৃষ্ট পৰিৱেশৰ মাজতে অসমীয়া চলচ্চিত্ৰ জগতলৈ এক সুখবৰ কঢ়িয়াই আনিছে ৰূপক গগৈ পৰিচালিত আৰু ড: সঞ্জীৱ নাৰায়ণ প্ৰযোজিত কলাত্মক ছবি ‘তুমি মালালাʼই । চলিত বৰ্ষত আয়োজিত সাতখন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত তুমি মালালাই পাঁচখন মহোৎসৱত বিজয়ী হয় । ইয়াৰে গেংটক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত তুমি মালালাই বেষ্ট প্ৰযোজক বঁটা লাভ কৰাৰ উপৰি কাহিনী শিতানতো বঁটা লাভ কৰে ।
ইপিনে, ড্ৰাক আন্তঃৰাষ্ট্ৰীয় মহোৎসৱতো ছবিখনে বাখ্যামূলক কাহিনীৰ বাবে বিশেষ পাৰদৰ্শিতা বঁটা আজুৰি আনিবলৈ সক্ষম হয় । DIFT, Caleidoscope Indian film festival of Boston-21 আৰু Indo French International Film festival-21টো পাৰদৰ্শিতা বঁটা লাভ কৰে তুমি মালালাই । ইপিনে, যোৱা ৯-১৪ নৱেম্বৰলৈ ভাৰতত অনুষ্ঠিত হোৱা ১৫তম আন্তঃৰাষ্ট্ৰীয় চিনে ইণ্ডিয়া শিশু চলচ্চিত্ৰ মহোৎসৱত ‘তুমি মালালাʼ বিশেষভাৱে সমাদৃত হোৱাৰ লগতে চলচ্চিত্ৰখনত অভিনয় কৰা দুই কিশোৰীলৈ আগবঢ়োৱা হয় শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান ।
ছবিখনত সাৱলীল আৰু সুন্দৰ অভিনয়ৰ বাবে অংশ্ৰুতা কাশ্যপ (মুনমুন) আৰু হৰ্ষিতা ভট্টাচাৰ্যক শ্ৰেষ্ঠ অভিনেত্ৰীৰূপে নিৰ্বাচন কৰে চলচ্চিত্ৰ মহোৎসৱৰ বিচাৰক মণ্ডলীয়ে । ‘তুমি মালালাʼত অংশ্ৰুতা কাশ্যপে আমিনাৰ চৰিত্ৰ আৰু হৰ্ষিতা ভট্টাচাৰ্যই নাডিয়াৰ চৰিত্ৰ ৰূপায়ণে চিত্ৰপ্ৰেমীৰ মন জয় কৰিবলৈ সক্ষম হয় । ছবিখনৰ এনে সাফল্যত অতিকে সুখী প্ৰযোজক ড: সঞ্জীৱ নাৰায়ণ, পৰিচালক ৰূপক গগৈৰ লগতে ছবিখনত ওতঃপ্ৰোতভাৱে জড়িত প্ৰতিগৰাকী ব্যক্তি । আনপিনে, Eurasia International Monthly Film festival-21টো বিজয়ী হয় তুমি মালালা ।
উল্লেখ্য যে, এনআৰচি সৃষ্ট অসমৰ পৰিস্থিতি, নাৰী শিক্ষাৰ অধিকাৰ বিষয়ত দুই কিশোৰীৰ সপোন, আশা-আকাংক্ষা আৰু জীৱন সংগ্ৰামক লৈয়ে এই ছবি । ছবিখনৰ চিত্ৰনাট্যকাৰ অভিস্কা ফুকন । মুখ্য সহ পৰিচালক কুশল গগৈ, কলা নিৰ্দেশক দিপাংকৰ দাস আৰু প্ৰডাকচন মেনেজাৰ অনন্ত বৰা । সাজসজ্জাৰ পৰিচালক মন্দিৰা গগৈ আৰু ৰূপসজ্জা দিপালী শৰ্মা বৰদলৈ । ছবিখনৰ দৃশ্যগ্ৰহণ নগেন বৈশ্যৰ ।
ছবিখনৰ মূল দুই কিশোৰী চৰিত্ৰত অভিনয় কৰিছে অংশ্ৰুতা কাশ্যপ ওৰফে মুনমুন আৰু হৰ্ষিতা ভট্টাচাৰ্যই । ছবিখনৰ অন্য এক মুখ্য চৰিত্ৰত অভিনয় কৰিছে বাংলা আৰু মালায়ালাম ছবিৰ জনপ্ৰিয় অভিনেত্ৰী নীনা চক্ৰৱৰ্তীয়ে । আন আন চৰিত্ৰত আছে লুইত পৰাশৰ হাজৰিকা, পংখী কাশ্যপ, ছাজু আহমেদ, যতীন্দ্ৰ খনিকৰ, পিংকী পাঠক, স্বপ্না দাস আদি ।