Hardik Pandya : বিতৰ্কৰ আৱৰ্তত হাৰ্দিক পাণ্ড্য, বিশ্বকাপৰ পৰা উভতাৰ পথত কোটি টকীয়া ঘড়ী আটক !

hardik pandya jpg

টি২০ বিশ্বকাপত তেওঁৰ পাৰফৰমেন্সক লৈ সমালোচনা চলিয়ে আছে । বিশ্বকাপ শেষ হোৱাৰ পাছতো বিতর্কৰ কেন্দ্র ভাৰতীয় ক্রিকেটাৰ হার্দিক পাণ্ড্য । ডুবাইৰ পৰা উভতাৰ পথত মুম্বাই বিমানমন্দৰত তেওঁৰ পৰা দুটা দামি ঘড়ী বাজেয়াপ্ত কৰিছে শুল্ক বিভাগৰ বিষয়াসকলে । যদিও হার্দিকৰ দাবী, সামাজিক মাধ্যমত ভুৱা খবৰ প্ৰচাৰিত হৈছে । তেওঁ ঘড়ীৰ সকলো নথি জমা দিছে ।

সূত্ৰ অনুসৰি, বিশ্বকাপ শেষ হোৱাৰ পাছত ভাৰতীয় দলৰ স’তে দেশত উভতাৰ পাছত মুম্বাই বিমানবন্দৰত হার্দিকৰ পৰা দুটা দামি ঘড়ী প্ৰত্যক্ষ কৰে বিমানবন্দৰত কর্মৰত শুল্ক বিভাগৰ বিষয়াসকলে । ঘড়ী দুটাৰ মূল্য প্রায় পাঁচ কোটি টকা । হার্দিকৰ পৰা ক্ৰয় কৰা বিল চাব বিচৰাত তেওঁ দেখাব পৰা নাছিল । তাৰ পাছত ঘড়ী দুটা বাজেয়াপ্ত কৰে বিষয়াসকলে ।

যদিও পাছত টুইটাৰত হার্দিকে কয়, ‘ম‌ই নিজেই মুম্বাই বিমানমন্দৰত শুল্ক বিভাগত গৈ ডুবাইৰ পৰা কিনি অনা ঘড়ীৰ শুল্ক কৰ দিব বিচাৰো । ম‌ই তেওঁলোকক জনাইছো, সকলো নিয়ম মানিয়ে ঘড়ী কিনা হৈছে । মোৰ পৰা যি কাগজ বিচৰিছে সকলো জমা দিছো । তাৰ পাছতো মোৰ এটা ঘড়ীৰ মূল্য নির্ধাৰণৰ বাবে সেইটো ৰাখি দিছে বিষয়াসকলে । ঘড়ীটোৰ মূল্য ডেৰ কোটি । মোৰ পৰা দুটা ঘড়ী বাজেয়াপ্ত কৰা বুলি প্ৰচাৰিত খবৰ ভুৱা ।’

বিগত বৰ্ষত সংযুক্ত আৰৱ আমিৰশাহিৰ পৰা আইপিএল খেলি উভতাৰ পথত হার্দিকৰ ভাতৃ ক্রুণাল পাণ্ড্যৰ পৰাও চাৰিটা দামি ঘড়ী লাভ কৰিছিল শুল্ক বিভাগৰ বিষয়াসকলে । কাগজ দেখুৱাব নোৱাৰাত সেইসমূহ বাজেয়াপ্ত কৰা হয় । সেই সময়ত মুম্বাই ইণ্ডিয়ান্সৰ অলৰাউণ্ডাৰ ক্রুণালে জনাইছিল, তেওঁ জনা নাছিল ঘড়ীকেইটা দেশত আনিবৰ বাবে কাগজ দেখুৱাব লাগিব ।

চলিত বিশ্বকাপৰ প্রতিটো মেচতেই দলত আছিল হার্দিক । আৰম্ভণিতেই, তেওঁক ৰখাৰ বাবে মেনেজমেন্টক ধৰিছিল কিছুসংখ্যক প্রাক্তন ক্রিকেটাৰে । বিশ্বকাপ শেষ হোৱাৰ পাছতো বিতর্ক‌ই লগ নেৰিলে হার্দিকৰ ।

Exit mobile version