Kabul Blast: কাবুলৰ বিস্ফোৰণত নিহত তিনি ,সন্ত্ৰাসবাদী হত্যা কৰিলে এজন সাংবাদিকক

blast reu

কাবুলৰ যাত্ৰীবাহী মিনিবাছ বিস্ফোৰণত তেওঁলোকৰ ভূমিকা থকাৰ কথা দেওবাৰে এটা বিবৃতিত স্বীকাৰ কৰিলে ইছলামিক ষ্টেটৰ সন্ত্ৰাসবাদীসকলে ।

উল্লেখ্য যে, এই বিস্ফোৰণত আফগানিস্তানৰ হামিদ চাইগনি নামৰ এজন পৰিচিত সাংবাদিকে প্ৰাণ হেৰুৱাইছে বুলি দাবী কৰিছে সাংবাদ মাধ্যমৰ একাংশই ।

আকৌ, একাংশৰ দাবী তেওঁক আই এছ সন্ত্ৰাসবাদীয়ে হত্যা কৰিছে। যোৱা ১৩ নৱেম্বৰত পশ্চিম কাবুলৰ দশত-ই-বাৰ্চি অঞ্চলত বিস্ফোৰণত কঁপি উঠিছিল জনবহুল পথ ।আতংকিত জনতাই এখন যাত্ৰীবাহী মিনিবাছত জুই জ্বলা পৰিলক্ষিত কৰে ।

এই ঘটনাটোত তিনিজনে প্ৰাণ হেৰুৱাই আৰু ছজন গুৰুতৰভাৱে আহত । প্ৰশাসনে জানিবলৈ দিয়া মতে, আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ।

আজি সন্ত্ৰাসবাদী দলটোৰ প্ৰতিনিধিজনে এটা ছ’চিয়েল মিডিয়া চেনেলক জনাইছে যে বিস্ফোৰণটোত মুঠ ২০জন লোক নিহত হৈছিল । অৱশ্যে, তালিবানৰ মুখপাত্ৰ জাবিউল্লাহ মুজাহিদে কয় যে মৃত্যুৰ সংখ্যা ২০তকৈ যথেষ্ট কম আছিল ।

আই এছ আই এছ-ৰ সন্ত্ৰাসবাদীসকলে দীৰ্ঘদিন ধৰি দাশাত-ই-বাৰ্চি অঞ্চলত আক্ৰমণ কৰি আহিছে । বিভিন্ন ঘটনাত দেখা গৈছে যে বিশেষকৈ চিয়া-হাজাৰা বাসিন্দাসকলক আক্ৰমণ কৰা হৈছে ।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, আফগান সাংবাদিক সংগঠনে জনায় যে, শনিবাৰৰ বিস্ফোৰণত সাংবাদিক হামিদ চাইগনিও আছিল বাছখনত ।

তেওঁ বিস্ফোৰণত নিহত হয় । তেওঁ আফগানিস্তানৰ এগৰাকী প্ৰখ্যাত আৰিয়ানা বাতৰিত কাৰ্মৰত আছিল । অৱশ্যে, আন এক সংবাদ মাধ্যমে দাবী কৰে যে হামিদক আই এছ সন্ত্ৰাসবাদীয়ে কাবুলৰ উত্তৰ অংশৰ এক অজ্ঞাত স্থানত হত্যা কৰিছে ।

তালিবানে আফগানিস্তান দখল কৰাৰ পাছত আই এছ সন্ত্ৰাসবাদীসকলে আফগানিস্তানত নিৰন্তৰ আক্ৰমণ কৰি আহিছে। তালিবান সূত্ৰৰ মতে, যোৱা তিনি মাহত প্ৰশাসনে অভিযান চলাই মুঠ ৬০০ জন সন্ত্ৰাসবাদীক বন্দী কৰিছে।

আনহাতে, ম্যানমাৰৰ কাৰাবন্দী আমেৰিকান সাংবাদিক ডেনি ফেনষ্টাৰক মুক্তি দিয়া হয়। জুন্টাৰ মুখপাত্ৰই কয় যে সাংবাদিকজনে ম্যানমাৰ এৰি ঘৰলৈ উভতি আহিব পাৰে।

যোৱা শুকুৰবাৰে ম্যানমাৰৰ সামৰিক আদালতে তেওঁক ১১ বছৰৰ কাৰাদণ্ড প্ৰদান কৰিছিল । ৩৭ বছৰীয়া ডেনিয়ে সংবাদ সংস্থা ‘ফ্ৰণ্টিয়াৰ ম্যানমাৰ’ত কৰ্মৰত । যোৱা মে’ মাহত তেওঁক দেশদ্ৰোহৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল ।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, ম্যানমাৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন ৰাষ্ট্ৰদূত বিল ৰিচাৰ্ডছনৰ হস্তক্ষেপত ডেনীক মুকলি কৰি দিয়া হয়।

Exit mobile version