টিকাৰ পার্শ্বপ্রতিক্রিয়াৰ অভিযােগ অষ্ট্রেলিয়াত, ১০ হেজাৰ লােকক দিব ক্ষতিপূৰণ

download 2

ক’ভিড-১৯ ভাইৰাছৰ সংক্ৰমণৰ পৰা হাত সাৰিবলৈ বিশ্বৰ সকলাে দেশেই টিকাকৰণত সর্বাধিক গুৰুত্ব দিছে। কিন্তু ইয়াৰ এখন বিপৰীত ছবি প্রত্যক্ষ হ’ল অষ্ট্রেলিয়াত।

ADVERTISEMENT

কৰ’না টিকাকৰণ আৰম্ভ হােৱাৰ পাছত প্রথম পর্যায়ত পার্শ্বপ্রতিক্রিয়াৰ কিছু অভিযােগ উত্থাপিত হৈছিল যদিও পৰৱৰ্তী সময়ত এনে অভিযােগ লাভ কৰা হােৱা নাই।

কিন্তু অষ্ট্রেলিয়াত সহস্রাধিক লােকে দাবী কৰা অনুসৰি, প্রতিষেধক গ্ৰহণৰ পাছত তেওঁলােকে পার্শ্বপ্রতিক্রিয়াত আক্ৰান্ত হৈছে। এইসকল লােকক পাঁচ হেজাৰ ডলাৰৰ ক্ষতিপূৰণ দিবলৈ অষ্ট্রেলিয়াৰ চৰকাৰে সন্মতি প্ৰকাশ কৰিছে।

প্রকাশিত বাতৰি অনুসৰি ১০ হেজাৰৰাে অধিক নাগৰিকে অষ্ট্রেলিয়াত ক’ভিড প্রতিষেধক লােৱাৰ পাছত পার্শ্বপ্রতিক্রিয়া আক্রান্ত হােৱা বুলি দাবী কৰি ক্ষতিপূৰণ বিচাৰিছিল।

প্রতিষেধক লােৱাৰ পাছত ২৮৮ জন লােকে হৃদপিণ্ডত প্রদাহজনিত সমস্যা আৰু ১৬০ জন লােকে মস্তিস্কত ৰক্ত জমা হােৱাৰ সমস্যাত আক্রান্ত হােৱা বুলি অভিযােগ কৰিছিল।

Exit mobile version