Air Pollution : সৰ্বাধিক প্ৰদূষিত কৰিছে ‘টেলিভিছন শ্ব’ৱে, দিল্লী-বিতর্কত ক্ষোভ শীৰ্ষ ন্যায়ালয়ৰ

SupremeCourt

দিল্লীৰ প্ৰদূষণ সম্পৰ্কত সংবাদমাধ্যমৰ ভূমিকাত ক্ষুব্ধ উচ্চতম ন্যায়ালয় । মুখ্য ন্যায়াধীশ এন ভি ৰমণাৰ নেতৃত্বধীন বেঞ্চে কয়, ‘টিভি চেনেলবোৰত প্রসংগ বহির্ভূত বিতর্ক‌ই সৰ্বাধিক প্ৰদূষণ বিয়পাইছে ।’

মুখ্য ন্যায়াধীশ বেঞ্চৰ মতে, দিল্লীৰ প্ৰদূষণক লৈ শীৰ্ষ ন্যায়ালয়ৰ সৰু-সুৰা পর্যবেক্ষণকো টিভি চেনেলবোৰত আলোচনাত ‘বিতর্কিত বিষয়’ হিচাপে উপস্থাপন কৰা হৈছে । নৰা জ্বলোৱা নিয়ন্ত্রণৰ ক্ষেত্ৰত চৰকাৰক সক্রিয় হোৱাৰ নির্দেশ দিলেও অভিযুক্ত কৃষকসকলে যাতে শাস্তি নাপায়, সেই দিশত লক্ষ্য ৰখাৰ কথাও কৈছে শীর্ষ আদালতে ।

দিল্লী চৰকাৰৰ তৰফৰ পৰা প্ৰদূষণৰ কাৰণ হিচাপে পার্শ্বৱর্তী হৰিয়ানা আৰু উত্তৰ প্রদেশৰ কৃষকসকলৰ নৰা জ্বলোৱাক চিহ্নিত কৰাৰ চেষ্টা কৰা হৈছিল । কিন্তু সম্প্রতি, কেন্দ্রৰ অভিযোজক, ছলিছিটৰ জেনেৰেল তুষাৰ মেহতাই শীর্ষ আদালতক জনায়, দিল্লীৰ প্ৰদূষণৰ মাত্র ১০ শতাংশ হৈছে পার্শ্বৱর্তী ৰাজ্যসমূহৰ নৰা জ্বলোৱাৰ ফলত । যানবাহন আৰু উদ্যোগৰ পৰা বায়ু প্ৰদূষণৰ পৰিমাণ তাতকৈ বহু বেছি ।

ছলিছিটৰ জেনেৰেল তুষাৰৰ বিৰুদ্ধে শীর্ষ আদালতক বিভ্রান্ত কৰাৰ অভিযোগ উত্থাপিত হ’লেও খাৰিজ কৰিছে মুখ্য ন্যায়াধীশ বেঞ্চে । দিল্লী চৰকাৰৰ অধিবক্তা অভিষেক মনু সিংঘভিয়ে এই বিষয়ত এটা সংবাদপত্রত প্রকাশিত পৰিসংখ্যাৰ দিশে আদালতৰ দৃষ্টি আকর্ষণ কৰাত মুখ্য ন্যায়াধীশে কয়, ‘‘প্রত্যেক সংবাদপত্রৰেই নিজস্ব পৰিসংখ্যা আছে ।’’

ন্যায়াধীশ সূর্য কান্ত‌ই কৃষকসকলৰ প্রতি সভানুভূতি প্রকাশ কৰি কয়, ‘‘কেনেকুৱা পৰিস্থিতিত তেওঁলোকে এনে কাম (পথাৰত নৰা জ্বলোৱা) কৰিবলৈ বাধ্য হৈছে, সেই সম্পৰ্কতটো কোনেও সমীক্ষা কৰা নাই ।’’ পঞ্চতাৰকা হোটেলত বহি কৃষকসকলক দোষৰোপ নকৰিবলৈ কৈ শীর্ষ আদালতে কয়, ‘আমি কেন্দ্রক কৈছো, আগন্তুক, এসপ্তাহ নৰা নজ্বলাবৰ বাবে কৃষকসকলক অনুৰোধ কৰিবলৈ ।’

Exit mobile version