Kashmir : কুলগামত ভয়ংকৰ গুলি যুদ্ধ, সেনাৰ গুলিত নিহত এজন কমাণ্ডাৰসহ চাৰি সন্ত্ৰাসবাদী

Kashmir 1236453785

কাশ্মীৰৰ কুলগামত সন্ত্ৰাসবাদী দমন অভিযানত গুলিয়াগুলি । সেনাবাহিনীৰ তৰফৰ পৰা জনোৱা হৈছে, কুলগামত দুটা পৃথক এনকাউন্টাৰত চাৰিজন সন্ত্ৰাসবাদী নিহত হৈছে । ইয়াৰে এজন সন্ত্ৰাসবাদী কমাণ্ডাৰো আছিল ।

আনহাতে, কাশ্মীৰ আৰক্ষীৰ তৰফৰ পৰা এক বিবৃতিত জনোৱা হৈছে, পোমবে আৰু গোপালপেৰাতো গুলিয়াগুলি হৈছে । দক্ষিণ কাশ্মীৰৰ এই দুই স্থানত বহুকেইজন সন্ত্ৰাসবাদীৰ সন্ধান চলোৱা হৈছে ।

আনহাতে, গুলিয়াগুলিত উত্তপ্ত হৈ পৰে পোমবে । সন্ত্ৰাসবাদীসকলৰ উপস্থিতিৰ উমান পোৱাৰ লগে লগে জংঘলৰে আবৃত্ত সেই অঞ্চলত অভিযান চলায় সেনাবাহিনীয়ে । তেতিয়াই আৰম্ভ হয় গুলিয়াগুলি । সেই যুঁজত দুজন সন্ত্ৰাসবাদী নিহত হয় । শেষ খবৰ পোৱা পর্যন্ত এই যুঁজত ৰেজিষ্টেন্স ফ্রন্টৰ কমাণ্ডাৰ আফাক ছিকান্দৰ নামে এজন সন্ত্ৰাসবাদীৰ মৃত্যু হৈছে । বিগত সপ্তাহত শ্রীনগৰৰ হায়দৰপোৰাত গুলি চালনাত নিহত হয় দুই সন্ত্ৰাসবাদী ।

Exit mobile version