Pfizer:ফাইজাৰৰ ক’ভিড টেবলেট পেক্সলোভিড তৈয়াৰী হ’ব আৰু ৯৫খন দেশত

1637079552 pfizer

ফাইজাৰে প্ৰস্তুত কৰা কৰ’না চিকিৎসা টেবলেট এইবাৰ আমেৰিকাৰ লগতে আন দেশতো উৎপাদন কৰা হ’ব।মঙলবাৰে ঔষধ নিৰ্মাণকাৰী সংস্থা তৰফৰ পৰা এই কথা জানিবলৈ দিয়ে ।

তুলনামূলকভাৱে কম আৰ্থিক ক্ষমতাসম্পন্ন দেশসমূহৰ কথা ভাবিয়ে এই সিদ্ধান্ত বুলি ফাইজাৰ কৰ্তৃপক্ষৰ দাবী ।

ইতিমধ্যে ফাইজাৰ কৰ্তৃপক্ষই তেওঁলোকৰ তৈয়াৰী ‘এন্টিভাইৰেল ক’ভিড টেবলেট পেক্সলোভিড ৯৫ খন নিম্ন-বিত্তীয় ক্ষমতাৰ দেশত তৈয়াৰীৰ অনুমতি দিছে ।

সেইসমূহ দেশত কম দামত পেক্সলোভিড বিক্ৰীৰ কৰাৰ কথাও জনাইছে আমেৰিকাৰ ঔষধ নিৰ্মাণকাৰী সংস্থাটোৱে ।তেওঁলোকে দাবী , ইয়াৰ ফলত পৃথিৱীৰ জনসংখ্যাৰ কমেও ৫৩ শতাংশ লাভান্বিত হ’ব।

যি সকলো ক’ভিড-১৯ ৰোগীৰ অৱস্থা সংকটজনক হোৱাৰ আশংকা আছে,তেওঁলোকৰ মৃত্যুৰ আশংকা ফাইজাৰে প্ৰস্তুত কৰা পেক্সলোইডৰ দ্বাৰা প্ৰায় ৮৯ শতাংশ হ্ৰাস কৰিব পাৰি।

আনকি চিকিৎসালয়ত ভৰ্তি হোৱাৰ সম্ভাৱনাও যথেষ্ট হ্ৰাস হয়।আমেৰিকা ঔষধ নির্মাণকাৰী সংস্থাটোৱে এই দাবীত স্বীকৃতি দিছে সেই দেশৰ একাধিক গৱেষণা ।

যোৱা সপ্তাহত ফাইজাৰে জনাইছে,মুঠ ১,২১৯জন ৰোগীৰ ওপৰত এটা পৰীক্ষা চলোৱা হৈছে ।ইয়াৰ ভিতৰত কিছু ৰোগীক পেক্সলোভিড আৰু কিছুমান ৰোগীক প্লেচিবো দিয়া হৈছে ।ক’ভিডৰ লক্ষণবোৰ ধৰা পৰাৰ তিনি দিন পাছত পেক্সলোভিড দিয়া হৈছে, তেওঁলোকৰ ভিতৰত মাত্ৰ ০.৮ শতাংশ ব্যক্তিকহে পৰৱৰ্তী সময়ত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

২৮ দিনৰ ধৰি চিকিৎসা চলাৰ পাছতো কাৰো মৃত্যু হোৱা নাছিল। আৰু যিসকলক প্লেচিবো দিয়া হৈছে তেওঁলোকৰ সাত শতাংশক চিকিৎসালয়ত ভৰ্তি কৰিব লগা হৈছে।

ফাইজাৰ তৰফৰ পৰা জনোৱা মতে,জৰুৰী ভিত্তিত ব্যৱহাৰৰ বাবে শীঘ্ৰেই ক্লিনিকেল ট্ৰায়েল প্ৰতিবেদন আমেৰিকা ফুড এণ্ড ড্ৰাগ এডমিনিষ্টেচনত প্ৰেৰণ কৰিব ।

Exit mobile version