চৰ খাই ইখন গাল পাতি দিয়াক ভিক্ষা বুলিয়ে কয় :এইবাৰ গান্ধীক কটাক্ষ কংগনাৰ

navbharat times

এখন গালত চৰ খাই আনখন গাল পাতি দি আমি স্বাধীনতা লাভ কৰিছিলাে। এইবাৰ মহাত্মা গান্ধীক লৈ এনে এক বিতর্কিত মন্তব্য প্রকাশ কৰিলে বলিউড অভিনেত্রী কংগনা ৰণৌটে।

কিছুদিন পূর্বে অভিনেত্রীগৰাকীয়ে এক সাক্ষাৎকাৰত কৈছিল, ‘২০১৪ বৰ্ষতহে ভাৰতে প্রকৃত স্বাধীনতা লাভ কৰিলে। ১৯৪৭ত যি স্বাধীনতা লাভ কৰিছিল, সেয়া ভিক্ষাহে আছিল।’

কংগনাৰ এই মন্তব্যই সামাজিক মাধ্যমত ব্যাপক প্রতিক্রিয়া সৃষ্টি কৰিছিল। এনে মন্তব্যক দেশদ্রোহ আখ্যা দি একাংশ লােকে কংগনাক গ্রেপ্তাৰ কৰাৰ আৰু তেওঁ লাভ কৰা পদ্মশ্রী সম্মান চৰকাৰক ওভতাই লবলৈকো দাবী জনাইছিল।

এনে বিতৰ্কৰ মাজতে সামাজিক মাধ্যমৰ জৰিয়তে পুনৰ নতুন বিতর্কিত মন্তব্য প্রকাশ কৰিলে অভিনেত্রীগৰাকীয়ে।

এইবাৰ মহাত্মা গান্ধীক আক্ৰমণৰ লক্ষ্য হিচাপে লৈ কংগনাই ইনস্টাগ্রামত কয়, ‘আপুনি হয় নেতাজীৰ ভক্ত অথবা গান্ধীজীৰভক্ত। একে সময়তে দুজনৰ ভক্ত হােৱাটো কোনাে ব্যক্তির পক্ষে সম্ভৱ নহয়।

গান্ধীয়ে দেশৰ স্বাধীনতাৰ ভাৰ নেতাজীৰ হাতত তুলি দিছিল। তেৱেই শিকাইছিল কানােবাই এখন গালত চৰ মাৰিলে আনখন গাল পাতি দিবলৈ। আৰু আমি এইদৰে স্বাধীনতা লাভ কৰিছিলাে।

কিন্তু এইদৰে স্বাধীনতা লাভ কৰা নহয়, ভিক্ষাহে পােৱা যায়। সেয়েহে কাক নায়ক হিচাপে নির্বাচন কৰিব, নিজে ভাবক।’

Exit mobile version