জৰাজীৰ্ণ বাঁহৰ সাঁকোৰে কে’বাখনো গাঁৱৰ ৰাইজৰ বিপদসংকুল যাতায়ত

জৰুৰীকালীন সেৱাৰ পৰা বঞ্চিত অঞ্চলৰ ৰাইজ

WhatsApp Image 2021 11 18 at 6.20.03 PM

ধুবুৰী জিলাৰ হাতীধুৰা উন্নয়ন খণ্ড তথা ২৮ নং গোসাঁইগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত কামানডাংগা-গাৰোপাৰা সংযোগী পথত এখন বাঁহৰ সাঁকো । জৰাজীৰ্ণ বাঁহৰ সাঁকোৰে কে’বাখনো গাঁৱৰ ৰাইজৰ বিপদসংকুল যাতায়ত ।

২০১৭ৰ জুলাইত হোৱা বানপানীয়ে পথটোত থকা কালভাৰ্ড উটুৱাই নিয়াৰ ফলত যাতায়ত বন্ধ হয় । ফলত ৰাইজৰ দান বৰঙণিৰে এখন বাঁহৰ সাঁকো নিৰ্মাণ কৰি যাতায়ত অব্যাহত ৰাখিছে গাঁওবাসীয়ে । কিন্তু পথাচাৰিৰ লগতে স্কুলীয়া ছাত্ৰ-ছাত্ৰী, ৰোগী আদি নিয়াৰ ক্ষেত্ৰত বহু অসুবিধাৰ সন্মুখীন হ’ব লগা হৈছে ৰাইজে । কাৰণ অঞ্চলখনলৈ যাব নোৱাৰে তিনি চকীয়া, চাৰি চকীয়া বাহন । ফলত কান্ধত তুলি পৰাপাৰ কৰিবলগীয়া হয় বেমাৰী ।

এই জৰাজীৰ্ণ বাঁহৰ সাঁকোখন নিৰ্মাণৰ বাবে স্থানীয় ৰাইজে বহুতো আবেদন নিবেদন কৰিছে যদিও স্থানীয় জনপ্ৰতিনিধি বা বিভাগীয় কৰ্তৃপক্ষই কোনো গুৰুত্ব আৰোপ কৰা নাই । ফলত বাঁহৰ সাঁকোৰ পৰিৱৰ্তে দলং নিৰ্মাণৰ বাবে পৰিৱৰ্তনগামী বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰক দাবী জনাইছে ভুক্তভোগী ৰাইজে ।

Exit mobile version