পি এইচ ডিত অনুসূচিত জাতি-জনজাতি, অ’ বি চিৰ সংৰক্ষণ : ইউ জি চি-আই আই এম, কেন্দ্ৰীয় চৰকাৰলৈ জাননী ন্যায়ালয়ৰ

cbse10th kZxH

গুজৰাট উচ্চ ন্যায়ালয়ে পি এইচ ডি পাঠ্যক্ৰমত অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু অন্যান্য পিছপৰা সম্প্ৰদায় (অ’ বি চি)ৰ প্ৰাৰ্থীৰ বাবে সংৰক্ষণৰ ব্যৱস্থা কৰাৰ সন্দৰ্ভত দাখিল কৰা আবেদনৰ বিষয়ত আহমেদাবাদৰ আই আই এমলৈ যোৱা মঙলবাৰে জাননী জাৰি কৰিছিল ।

আই আই এমৰ প্ৰাক্তন ছাত্ৰৰ সংগঠন গ্ল’বেল আই আই এম এলুমনি নেটৱৰ্কে এই বিষয়ত ন্যায়ালয়ত জনস্বাৰ্থজড়িত আবেদন দাখিল কৰিছিল । এই আবেদনত উল্লেখ কৰা হৈছিল যে আই আই এম আহমেদাবাদ কেন্দ্ৰীয় শিক্ষা মন্ত্ৰণালয়ৰ দ্বাৰা পৰিচালিত আৰু বিত্তীয় সাহায্য লাভ কৰা প্ৰতিষ্ঠান যদিও পি এইচ ডি পাঠ্যক্ৰমত নামভৰ্তিৰ প্ৰক্ৰিয়াত কেন্দ্ৰীয় শৈক্ষিক প্ৰতিষ্ঠান (প্ৰৱেশত সংৰক্ষণ) অনিয়ম ২০০৬ আইন উলংঘন কৰি আহিছে ।

মুখ্য ন্যায়াধীশ অৰবিন্দ কুমাৰ আৰু ন্যায়াধীশ হেমন্ত এম প্ৰচ্চকৰ বিচাৰপীঠে এই আবেদনৰ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ, আই আই এম আহমেদাবাদ আৰু বিশ্ববিদ্যালয় অনুদান আয়োগ (ইউজিচি)লৈ জাননী জাৰি কৰিছে ।

Exit mobile version