সুদীৰ্ঘ ২৩ মাহৰ মূৰত মুকলি আকাশৰ তলত কলগাছিয়াৰ শ্বহিদুল ইছলাম

বিদেশীৰ গোচৰত গোৱালপাৰা ডিটেনচন কেম্পত আছিল শ্বহিদুল ইছলামে অধিবক্তা জুনাইদ খালিদৰ গাফিলতি আৰু ভুলৰ বাবেই বৈধ প্ৰমাণপত্ৰ থকাৰ পাছতো বিগত ২৩ মাহ ডিটেনচন কেম্পত বন্দীত্বৰ জীৱন কটালে কলগাছিয়াৰ শ্বহিদুল ইছলাম ওৰফে শ্বহিদুল শ্বেইখে । ৰিড পিটিশ্বনত শ্বহিদুলক ভুলকৈ বিয়া দিয়া দেখুৱাইছিল আন এজন পুৰুষৰ লগত ।

আজি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা চৰ্ত সাপেক্ষে জামিন লাভ কৰি কলগাছিয়াৰ নিজ গৃহলৈ ওভতিল শ্বহিদুল । জমিয়তৰ নামত দৰিদ্ৰ মানুহক আইনী যুঁজত সহায় কৰাৰ নামত অধিবক্তা জুনাইদে ৯০ হেজাৰ টকা লৈ প্ৰতাৰণা কৰিলে ভুক্তভোগী দৰিদ্ৰ পৰিয়ালকটোক । নিজৰ গাঁঠিৰ ধন ভাঙি শ্বহিদুল শেখৰ বৃদ্ধ পিতৃয়ে কামৰূপ জিলাৰ ফৰেইনাৰ্ছ ট্ৰাইবুনেলত পঞ্জীয়ন হৈ থকা গোচৰটো চলাবলৈ দিছিল জমিয়ত উলেমা ই হিন্দৰ অধিবক্তা জুনাইদ খালিদক ।

সম্প্ৰতি আদালতত গোচৰ চলিব যদিও স্বয়ং অধিবক্তা গৰাকীয়েই ভুল পিটিচন জমা দিয়াৰ উপৰিও আদালতত অনুপস্থিত থকাৰ ফলত ভাৰতীয় নাগৰিক শ্বহিদুল ইছলামে বিগত ২৩ মাহ ডিটেনচন কেম্পত থাকিব লগা হ’ল । ফলত অধিবক্তাই লোৱা ধন ঘূৰাই দিয়াৰ লগতে তেওঁৰ উকালতিৰ অনুজ্ঞাপত্ৰ বাতিল কৰিবলৈ বাৰ এছ’চিয়েচনক দাবী জনাইছে পৰিয়ালটোৱে ।

Exit mobile version