১২দিনত বক্স অফিচত ১৬০ কোটি টকাৰ ব্যৱসায় ‘সূৰ্যবংশী’ৰ

sooryavanshi bo 1636865046709 1636865061138

অক্ষয় কুমাৰ আৰু কেটৰিণা কাঈফ অভিনীত আৰু ৰােহিত ছেট্টী পৰিচালিত ‘সূর্যবংশী’ ছবিখনে বিগত ১২ দিনত দেশৰ বক্স অফিচত ১৬০ কোটি টকাৰ ব্যৱসায় কৰিবলৈ সফল হ’ল।

ADVERTISEMENT

কৰ’না ভাইৰাছৰ সংক্ৰমণৰ পাছত বক্স অফিচত বাণিজ্যিক সফলতা লাভ কৰা প্ৰথমখন ছবি হিচাপে পৰিচিত হৈছে ‘সূর্যবংশী’।উল্লেখ্য যে বর্তমানলৈকে দেশৰ সকলাে চিত্রগৃহত মাত্র ৫০ শতাংশ দর্শককহে প্রৱেশৰ অনুমতি দিয়া হৈছে।

যােৱা পাঁচ নৱেম্বৰত দেশৰ ৩৫০০ চিত্ৰগৃহত এইখন ছবিয়ে মুক্তি লাভ কৰিছিল। মুক্তি লাভৰ পাছত পঞ্চমদিনত ‘সূর্যবংশী’য়ে এশ কোটিৰ ক্লাবত স্থান লাভ কৰিছিল।

Exit mobile version