Cryptocurrency : ভুল হাতত পৰিলে দেশৰ বৃহৎ ক্ষতি হ’ব পাৰে ক্ৰিপ্টোকাৰেন্সী,উদ্বেগ প্ৰকাশ প্ৰধানমন্ত্ৰীৰ

1637212237 modi

২৪ঘণ্টাৰ পুৰ্বেই উদ্বেগ প্ৰকাশ কৰিছিল ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰে । এইবাৰ ক্ৰিপ্টোকাৰেন্সী সম্পৰ্কে আশংকা ব্যক্ত কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও।

ভুল হাতত পৰিলে ক্ৰিপ্টোকাৰেন্সীয়ে যে দেশৰ এটা ডাঙৰ ক্ষতি কৰিব পাৰে সেইয়াও মনত পেলাই দিলে মন্ত্ৰীগৰকীয়ে ।

ডিজিটেল মুদ্ৰা বা ক্ৰিপ্টোকাৰেন্সী সন্দৰ্ভত কেন্দ্ৰৰ দৃষ্টিভংগী কি হ’ব পাৰে সেই সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদী আৰু সংসদীয় সমিতিয়ে বিভিন্ন দলৰ স’তে বৈঠকত বহিছে।

তাত থকা বহুতৰ মতে, নিষেধাজ্ঞা আৰোপ নকৰাকৈ ক্ৰিপ্টোকাৰেন্সীবোৰ নিয়ন্ত্ৰণলৈ অনা উচিত। অৱশ্যে, ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ শক্তিকান্ত দাসৰ মুখত ইয়াৰ বিপৰীত কথা শুনা গ’ল। তেওঁৰ মতে, বিষয়টো ‘যথেষ্ট গভীৰ’।

শক্তিকান্তৰ সুৰত এইবাৰ সুৰ যোগদিলে প্ৰধানমন্ত্ৰী মোদীয়ে । বুধবাৰে “ঋণ আৰু অৰ্থনৈতিক বিকাশৰ মসৃণ যোগান” সন্দৰ্ভত এখন সন্মিলনত ভাষণ দি মোদীয়ে কয়, “ক্ৰিপ্টোকাৰেন্সী যাতে ভুল নহয় তাৰ বাবে সকলো গণতান্ত্ৰিক দেশে একেলগে কাম কৰিব লাগিব। ইয়াৰ অপব্যৱহাৰে যুৱকসকলক ধ্বংস কৰিব পাৰে। আমি এনে এটা যুগত থিয় হৈ আছোঁ য’ত তথ্য আৰু প্ৰযুক্তি এক ভয়ানক সঁজুলি। ”

সংসদৰ শীতকালীন অধিৱেশনত কেন্দ্ৰই এই সন্দৰ্ভত এখন বিধেয়ক অনাৰ কথা বিবেচনা কৰি আছে বুলি খবৰ পোৱা হৈছে। কিন্তু মোদীয়ে জনায় যে বিশেষজ্ঞ সমিতিয়ে এই সন্দৰ্ভত কোনো সিদ্ধান্ত লোৱাৰ আগতে গড় হিচাপে পৰ্যাপ্ত আলোচনা কৰাৰ পাছতহে সিদ্ধান্ত লোৱা হ’ব।

Exit mobile version