কাছ ৰক্ষা কৰাই তাইৰ জীৱনৰ ব্রত । দিনে-ৰাতি দেশৰ বিভিন্ন অঞ্চলত কাছৰ বাসস্থান নদী আৰু জলাশয়বোৰক ৰক্ষা কৰে তাই । নিৰন্তৰ জনসচেতনতা প্রচাৰ কৰে । এনেদৰেই বিগত আঠ বছৰত প্ৰায় ২৮ হেজাৰ কাছৰ প্রাণ ৰক্ষা কৰিছে উত্তৰ প্রদেশৰ লক্ষ্ণৌৰ বাসিন্দা অৰুণিমা সিঙে !
আন্তর্জাতিক সংগঠন ‘টার্টল ছাৰভাইভেল এলায়েন্স’ (টিএছএ)-ৰ ভাৰত শাখাৰ সদস্য অৰুণিমাই চলিত বৰ্ষত ‘নেটৱেষ্ট আর্থ হিৰ’ছ ছেভ দ্য স্পেছিছ অৱর্ড’-ৰ বাবে মনোনীত হৈছে । তেওঁৰ পৰিৱেশ আৰু বন্যপ্রাণী সংৰক্ষণ সংক্রান্ত এই আন্তর্জাতিক পুৰস্কাৰ প্রাপ্তিত আনন্দৰ জোৱাৰ উঠিছে দেশৰ বন্যপ্রাণী প্রেমীসকলৰ মাজত । টিএছএ-ৰ ভাৰত শাখাৰ প্রধান শৈলেন্দ্র সিঙে কয়, ‘‘ভাৰতত বন্যপ্রাণী সংৰক্ষণ আন্দোলনৰ প্রথম শাৰীৰ নাম অৰুণিমা । বিৰল ‘ক্রাউণ্ড ৰভাৰ টার্টল’ক লৈ তেওঁ গৱেষণাও কৰিছে । এই পুৰস্কাৰ তেওঁৰ প্রাপ্য ।’’
টিএছএ-ৰ সদস্য ৰাজা মণ্ডলে সংবাদ মাধ্যমক জনাইছে, উন্নয়নৰ অভিঘাতত উত্তৰ প্রদেশৰ বিভিন্ন এলাকাত বহু জলভূমি বিপন্ন হৈ পৰিছে । তেওঁ কয়, ‘‘অৰুণিমাই এই পুৰস্কাৰ লাভ কৰাত আন্তর্জাতিক জগতৰ কিছু দৃষ্টি আকৰ্ষণ হ’ব এই দিশত । কাছসহ বিভিন্ন স্বচ্ছ পানীৰ প্রাণী সংৰক্ষণৰ কাম কিছু হ’লেও গতি পাব ।’’
প্ৰায় আঠ প্রজাতিৰ স্বচ্ছ পানীৰ কাছৰ লগতে উত্তৰ প্রদেশৰ গংগা অববাহিকাৰ স্বচ্ছ পানীৰ কুম্ভীৰ, ডলফিনসহ নানা প্রাণীৰ বাস । স্বচ্ছ পানীৰ পৰিস্থিতিতন্ত্র ৰক্ষাত এই প্রজাতিবোৰৰ ভূমিকা গুৰুত্বপূর্ণ । মূলত ইহঁতক লৈয়ে অৰুণিমা আৰু তাইৰ সংগঠনৰ কাম । উত্তৰ প্রদেশৰ নাৰোৰা পৰমাণু বিদ্যুৎ প্রকল্পৰ কর্মচাৰী ৰাজাই জনায়, কাছ সংৰক্ষণৰ কাম কৰোতে একাধিকবাৰ চোৰাংচোৱা চক্র আৰু স্থানীয় ভূ-মাফিয়াৰ আক্ৰমণৰো সন্মুখীন হৈছে তেওঁলোক ।