কলগাছিয়াত আবতৰীয়া দীপাৱলী সদৃশ পৰিৱেশৰ সৃষ্টি হৈছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৃষি আইন বাতিল কৰা হ’ব বুলি ঘোষণা কৰাৰ লগে লগে উৎফুল্লিত হোৱা দেখা গৈছে কৃষক সংগঠনসমূহক । নিখিল ভাৰত কৃষক সভাৰ কলগাছিয়া আঞ্চলিক সমিতিয়ে আজি বিয়লি কলগাছিয়াত আতচবাজী ফুটাই বিজয় উৎসৱ পালন কৰা দেখা যায় ।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই ঘোষনাক সমাগত পাঁচ ৰাজ্যৰ নিৰ্বাচনী টোপ বুলিও কয় বহুতে । লোকসভাত যেতিয়ালৈকে এই আইন বাতিল নহয় তেতিয়ালৈকে কৃষক আন্দোলন চলিয়েই থাকিব জনায় বিজয় উৎসৱ উদযাপনকাৰী সকলে ।