ব্যৰ্থ স্বচ্ছ ভাৰত অভিযান, প্ৰহসনত পৰিণত গোসাঁইগাঁও চহৰ

চকুমুদা কুলিৰ ভাও গোসাঁইগাওঁ পৌৰ সভাৰ, কাৰ্য্যলয়ৰ সন্মুখত জাৱৰৰ দম, দূৰ্গন্ধত অতিষ্ঠ ৰাইজ

কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও সদৰ চহৰৰ বজাৰ এলেকাত তথা গোসাঁইগাঁও পৌৰ সভা কাৰ্য্যলয়ৰ গাতে লাগি থকা স্থানত জাৱৰৰ দম আৰু দূৰ্গন্ধময় পৰিৱেশত অতিষ্ঠ ব্যৱসায়ী তথা ৰাইজ । অভিযোগ মতে, গোসাঁইগাঁও চহৰৰ মাছ-মাংস বজাৰ আৰু নাটমন্দিৰ প্ৰাংগণৰ ঠাইবোৰৰ অপৰিচ্ছন্নতাই সমগ্ৰ অঞ্চলটোত দূৰ্গন্ধময় পৰিৱেশৰ সৃষ্টি কৰিছে ।

আনকি পৌৰ সভাৰ কাৰ্য্যালয়ৰ ঠিক সন্মুখত মুকলি প্ৰসাৱগাৰ আৰু লেতেৰা জাৱৰৰ দমে বজাৰজুৰি দূৰ্গন্ধ বিয়পাই দিয়ে । বিশেষকৈ মাছ-মাংস বজাৰৰ জাৱৰ-জোথৰ সময় মতে পৰিষ্কাৰ নকৰাত নাক বন্ধ কৰি বজাৰ কৰিব লগা হৈছে জনসাধাৰণে ।

দীৰ্ঘদিনীয়া এই সমস্যা সমাধানৰ বাবে ব্যৱসায়ীসকলে পৌৰ সভাৰ ওচৰত বহুবাৰ আবেদন-নিবেদন কৰিছে যদিও কোনো পদক্ষেপ গ্ৰহণ কৰা নাই । ৰাইজে আৰু অভিযোগ কৰে পৌৰ সভা নিয়োজিত এটা এন জি অ’ই স্বচ্ছতাৰ নামত দোকানৰ পৰা মাহত এশ টকাকৈ আদায় লয় । স্বচ্ছ ভাৰত অভিযান এই ক্ষেত্ৰত সম্পূৰ্ণ ব্যৰ্থ হোৱা বুলি ৰাইজে অভিযোগ কৰে ।

Exit mobile version