সুস্থ ব্যক্তি-শিশুক কৰ’নাৰ বুষ্টাৰ প্ৰতিষেধকৰ প্ৰয়োজন নাই

211110 pfizer booster jm 1840 70d06d

সুস্বাস্থ্যবান ব্যক্তি আৰু শিশুসকলক কৰ’নাৰ বুষ্টাৰ প্ৰতিষেধক প্ৰদানৰ প্ৰয়োজন নাই । বিশ্ব স্বাস্থ্য সংস্থা (হু)ই এই কথা প্ৰকাশ কৰি কয় যে কেৱল বিভিন্ন ৰোগত আক্ৰান্ত ব্যক্তি আৰু বয়োজ্যেষ্ঠ নাগৰিককহে ক’ভিডৰ বুষ্টাৰ প্ৰতিষেধক হিচাপে তৃতীয় পালি টিকাকৰণ উচিত ।

হুৱে লগতে আক্ষেপ কৰি কয় যে এতিয়াও বিভিন্ন দেশত স্বাস্থ্যকৰ্মী, জ্যেষ্ঠ নাগৰিক আদিয়ে ক’ভিডৰ প্ৰথম পালি প্ৰতিষেধক লাভ কৰা নাই । সেয়েহে সকলো লোকে প্ৰতিষেধক লাভ নকৰালৈকে একাংশ লোকক তৃতীয় পালি প্ৰতিষেধক অপ্ৰয়োজনীয়ভাৱে প্ৰদান কৰাটো উচিত নহ’ব বুলি বিশ্ব স্বাস্থ্য সংস্থাই মত পোষণ কৰে ।

Exit mobile version