Amul : দিল্লীৰ বায়ু প্ৰদূষণক লৈ আমূল ইণ্ডিয়াৰ কাৰ্টুন হ’ল ভাইৰেল

amul pollution cartoon

বায়ু মণ্ডল বিষাক্ত হোৱাৰ কাৰণত দিল্লীৰ সকলোবোৰ শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰিলে দিল্লী চৰকাৰে । দীপাৱলীৰ পৰৱৰ্তী সময়ৰ পৰা দিল্লীৰ বায়ু প্ৰদূষণে ভয়াৱহ ৰূপ ধাৰণ কৰিছে ।

ৰাজধানী চহৰখনত সম্প্ৰতি বায়ু প্ৰদূষণ ইমানে বাঢ়িছে যে শ্বাস-প্ৰশ্বাস লোৱাৰ বাবেও পৰিৱেশ প্ৰতিকূল হৈ উঠিছে । দিল্লীৰ এই প্ৰদূষণক লৈ আমূল ইণ্ডিয়াই প্ৰকাশ কৰা এক কাৰ্টুন চিত্ৰ‌ই সামাজিক মাধ্যমত বিশেষ চৰ্চা লাভ কৰিছে ।

আমূলৰ কাৰ্টুন চিত্ৰত সদা পৰিচিত কণমানি কন্যাৰ মুখত আছে মাস্ক, লগতে এই কাৰ্টুনত লিখা আছে ‘এটমছফিয়েৰ’ (বতাহত ভয়) । আমূলৰ কাৰ্টুন চিত্ৰ‌ই পূৰ্বৰে পৰা বিশেষ চৰ্চা লাভ কৰি আহিছে । কিয়নো দেশৰ প্ৰতিষ্ঠিত দুগ্ধজাত খাদ্য সামগ্ৰী প্ৰস্তুতকাৰক প্ৰতিষ্ঠানটোৱে সদায়ে ব্যতিক্ৰমী কাৰ্টুন চিত্ৰৰ জৰিয়তে আমূলৰ বিজ্ঞাপন প্ৰচাৰ কৰি আহিছে ।

এইবাৰো দিল্লীৰ বায়ু প্ৰদূষণক লৈ অৰ্থৱহ আৰু চিন্তাকৰ্ষক কাৰ্টুনৰে সামাজিক মাধ্যমত আমূলে বিশেষ চৰ্চা লাভ কৰাৰ লগতে বৰ্ধিত প্ৰদূষণৰ সন্দৰ্ভত দেশবাসীক সজাগ-সচেতন কৰাৰ পদক্ষেপ ল’লে ।

Exit mobile version