Narendra Modi : পুৱা ন বজাত দেশবাসীক উদ্দেশ্যি কি ক’লে প্ৰধানমন্ত্ৰী মোদীয়ে

modi feature

শুকুৰবাৰে পুৱা ন বজাত দেশবাসীক উদ্দেশ্যি ভাষণ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ । প্রধানমন্ত্রীৰ দপ্তৰৰ তৰফৰ পৰা শুকুৰবাৰে পুৱা আঠ বজাত এটা টুইট কৰি এই কথা জানোৱা হয় ।

পিএমঅ’‌ই লিখে, ‘আজি শ্রী গুৰু নানক দেৱ জি-ৰ জন্মদিন । আজি প্রধানমন্ত্রী উত্তৰ প্রদেশৰ মাহোবাত জলসিঞ্চন সংক্রান্ত প্রকল্পৰ উদ্বোধন কৰিব । তাৰ পাছত তেওঁ ঝাঁচি যাব ৰাষ্ট্র ৰক্ষা সমর্পণ পর্বত যোগ দিবলৈ । এই সমূহ অনুষ্ঠানত যোগ দিয়াৰ আগতে তেওঁ দেশবাসীক উদ্দেশ্যি ভাষণ দিব পুৱা ন বজাত ।’ প্রধানমন্ত্রীগৰাকীয়ে কি বিষয়ত বক্তৃতা প্ৰদান কৰিব সেইটো অৱশ্যে স্পষ্ট কৰা নাই পিএম‌অ’ই ।

প্ৰধানমন্ত্ৰী মোদীয়ে দীৰ্ঘদিন ধৰি তিনি কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদ কৰি থকা কৃষকসকলক উদ্দেশ্যি কয়, ‘ম‌‌ই আজি আপোনালোকক ক’ব বিচাৰো যে তিনি কৃষি আইন বাতিল কৰা হ’ব ।’ তেওঁ লগতে কয়, ‘ম‌ই সকলো কৃষকক অনুৰোধ কৰিছো যিসকলে গুৰুপুৰবৰ এই শুভ দিনত প্ৰতিবাদ কৰি আছে, ঘৰলৈ উভতি যাওক ।’

প্ৰধানমন্ত্ৰীগৰাকীয়ে পুনৰ কয়, ‘আমি আন এটা সিদ্ধান্ত গ্ৰহণ কৰিছো, কৃষিৰ সকলো দিশ পৰ্যবেক্ষণ কৰিবলৈ এটা কমিটী গঠন কৰা হ’ব ।’

প্রসংগত, আগন্তুক বৰ্ষৰ আৰম্ভণিতেই উত্তৰ প্রদেশত বিধানসভা নিৰ্বাচন । শুকুৰবাৰৰ উদ্বোধন প্রকল্পৰ আগতে চলিত সপ্তাহৰ আৰম্ভণিতে উত্তৰ প্রদেশত ৩৪০ কিলোমিটাৰ দৈর্ঘ্যৰ পূর্বাঞ্চল এক্সপ্রেছো উদ্বোধন কৰিছিল প্রধানমন্ত্রীয়ে ।

Exit mobile version