গৱেষণাগাৰ নহয়,উহানৰ বজাৰৰ পৰাই বিয়পিছিল কৰ’না: নতুন তথ্য বিজ্ঞানীৰ

HEALTH CORONAVIRUS WHO CHINA 0 1637292512564 1637292544420

গৱেষণাগাৰৰ পৰা নহয়, চীনৰ উহানত থকা মাংসৰ বজাৰৰ পৰাহে মানৱ দেহলৈ কৰ’নাৰ প্রথম সংক্রমণ ঘটিছিল। ক’ভিড সংক্ৰমণৰ আৰম্ভণিৰ সন্দৰ্ভত এইদৰে নতুন তথ্য প্রকাশ কৰিলে বিজ্ঞানী তথা ভাইৰ’ল’জিষ্ট মাইকেল উৰুবিয়ে।

বিজ্ঞানীজনৰ দাবী অনুসৰি, উহানৰ বজাৰত কৰ্মৰত এজন ব্যক্তিৰ শৰীৰত প্ৰথম ক’ভিডৰ সংক্রমণ হৈছিল আৰু তাৰ পাছৰে পৰা ই সমগ্র বিশ্বলৈ বিয়পি পৰিছিল।

উল্লেখ্য যে প্রাথমিকভাবে ধাৰণা কৰা হৈছিল যে উহানৰ মাংসৰ বজাৰৰ পৰা নহয়, বৰঞ্চ চীনৰ ভাইৰাছ বিষয়ক গৱেষণাগাৰৰ পৰা মানৱ দেহলৈ কৰনাৰ সংক্রমণ হৈছিল।

কিন্তু এই ধাৰণা সত্য নহয় বুলি দাবী কৰি উৰুবিয়ে কয় যে মহিলা নহয়, এজন পুৰুষ প্রথমে কৰ’নাত আক্ৰান্ত হৈছিল আৰু ব্যক্তিজনে উহানৰ সামুদ্রিক প্রাণীৰ বজাৰত কাম কৰিছিল৷

Exit mobile version