মানৱতাৰ বিৰল নিদৰ্শন: ৰিক্সাচালকক এক কোটি টকাৰ সম্পত্তি দান বৃদ্ধাৰ

Untitled design 4 1

কথাতে কোৱা হয়, বিপদতহে বন্ধু চিনিব পাৰি। কটকৰ বাসিন্দা মিনতি পট্টনায়কেও বিপদত পৰাৰ সময়তে বুজিব পাৰিছিল প্রকৃততে তেওঁৰ আপােন কোন ?

এই কাৰণতে নিজৰ এক কোটি টকাৰ সম্পত্তি তেওঁ দান কৰিলে এজন ৰিক্সাচালকক। ৬৩ বছৰীয়া বয়সৰ মিনতিয়ে ওড়িছাৰ কটকত বাস কৰে। স্বামী আৰু কন্যাকলৈয়ে আছিল তেওঁৰ সংসাৰ।

মিনতিৰ পৰিয়ালৰ বাবে প্ৰায়ে বিভিন্ন সৰু-সুৰা কাম কৰি দিছিল বুদ্ধ শ্যামল নামৰ এজন ৰিক্সাচালকে। মিনতি আৰু পৰিয়ালৰ লােকক নিজৰ ৰিক্সাৰে প্ৰায়ে অনা-নিয়া কৰিছিল শ্যামলে।

২০২০ বৰ্ষত মিনতিৰ স্বামীৰ মৃত্যু হয়। ইয়াৰ এবছৰ পাছতে অর্থাৎ ২০২১ত হঠাতে তেওঁৰ একমাত্র কন্যাৰৰ মৃত্যু হ’ল। স্বাভাৱিকতে অকলশৰীয়া হৈ পৰিল মিনতি।

আত্মীয় স্বজন অনেক আছে যদিও কোনেও মিনতিৰ একাকীত্ব দূৰ কৰিবলৈ কাষত থিয় নিদিলে। কিন্তু শ্যামল আৰু তেওঁৰ পৰিয়ালে সদায়ে জ্যেষ্ঠাৰ কাষত থাকি প্রয়ােজনীয় সহায় কৰিছিল।

এই কাৰণতে নিজৰ বাসগৃহ,অলংকাৰসহ কোটিটকীয়া সম্পত্তি শ্যামলক দান কৰাৰ সিদ্ধান্ত ল’লে মিনতিয়ে। এই সিদ্ধান্তৰ কথা স্থানীয় সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰি তেওঁ কয়,’ স্বামী আৰু সন্তানৰ মৃত্যুৰ পাছত সম্পত্তিৰ কোনাে মূল্য নাই।

তদুপৰি কঠিন সময়ত শ্যামল আৰু তেওঁৰ পৰিয়ালৰ বাহিৰে আন কোনেও মােৰ কাষত থিয় দিয়া নাছিল।
তেওঁলােকে মােক বহুত সহায় কৰি আহিছে, সেই কাৰণে মােৰ সকলাে সম্পত্তি মই শ্যামলক দিবলৈ সিদ্ধান্ত লৈছাে।

যাতে মােৰ মৃত্যুৰ পাছত শ্যামলহঁতক কোনেও সমস্যাত পেলাব নােৱাৰে। ‘এনে এক উপহাৰ লাভৰ । কথা জীৱনত কেতিয়াও কল্পনাও কৰা নাছিল শ্যামলে।

মিনতিৰ পৰা এক কোটি টকাৰ সম্পত্তি দান হিচাপে লাভ কৰি শ্যামলে কয়,’ ২৫ বছৰ ধৰি পট্টনায়ক পৰিয়ালৰ স’তে আছে। এই পৰিয়ালৰ সদস্যৰ বাহিৰে আন কোনাে ব্যক্তি ইমানদিনলৈকে মােৰ ৰিক্সাত উঠা নাই।

অৱশ্যে কেতিয়াও মই এনে দান বা উপহাৰ লাভৰ কথা আশা কৰা নাছিলাে।’ শ্যামলে লগতে কয় যে তেওঁ পূর্বেও মিনতিৰ পৰিয়ালক সেৱা -আগবঢ়াইছিল আৰু ভৱিষ্যতেও সহযোগিতা অব্যাহত ৰাখিব ।

মিনতিয়ে প্ৰকাশ কৰা মতে,তেওঁৰ মৃত্যুৰ পাছত যাতে তেওঁৰ সা-সম্পত্তিৰ উত্তৰাধিকাৰী নিৰ্বাচনক লৈ বিতৰ্কৰ সৃষ্টি নহয় আৰু আন কোনো লোকে সম্পত্তি দাবী কৰিব নোৱাৰে,তাক নিশ্চিত কৰিবলৈকে তেওঁ জীৱিত অৱস্থাতে সকলো সম্পত্তি আইনগতভাৱে শ্যামলক অৰ্পনৰ সিদ্ধান্ত ল’লে

Exit mobile version