শালবাৰীৰ ৰামচাৰটাৰী ভিচিডিচিত দহটা উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন

a5dc0e45 f476 4735 8071 a3c5f2433f8e

বিটিচিৰ বাগসা জিলাৰ শালবাৰী সমষ্টিৰ অন্তৰ্গত ৰামচাৰটাৰী ভিচিডিচিৰ ভিন্ন প্ৰান্তত আজি শালবাৰী সমষ্টিৰ টিচিএলচিচিৰ অধ্যক্ষ বিনোদ মুছাহাৰীৰ পৃষ্ঠপোষকতাত দহটাকৈ উন্নয়নমূলক কামৰ আনুষ্ঠানিকভাৱে আধাৰশিলা স্থাপন কৰা হয়।

আটাইকেইটা উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন কৰে শালবাৰী সমষ্টিৰ টিচিএলচিচিৰ অধ্যক্ষ বিনোদ মুছাহাৰীয়ে।আজি আধাৰশিলা স্থাপন কৰা উন্নয়নমূলক কাম সমূহ হ’ল , সাউদৰভিঠা চিকিৎসালয়,সাউদৰভিঠা মা কালী মন্দিৰ,আটলীয়াপাৰা বাথৌ মন্দিৰ,কালমাটি প্ৰাথমিক বিদ্যালয় চৌহদ,অণ্ঠাইবাৰী মিলনপাৰা বাথৌ মন্দিৰ,পাটলা বালিকা মধ্য ইংৰাজী বিদ্যালয় চৌহদ,পাটলা নেহৰু প্ৰাথমিক বিদ্যালয় আৰু লক্ষ্মী মন্দিৰ চৌহদ,সাউৰাগুৰি দুৰ্গা মন্দিৰ,সাউৰাগুৰি প্ৰাথমিক বিদ্যালয় চৌহদৰ ভূমি উন্নয়নৰ বাবে আধাৰশিলা স্থাপন কৰা হয়।

তদুপৰি ৰৌমাৰী গাঁৱত এটি পথ নিৰ্মাণৰো আধাৰশিলা স্থাপন কৰা হয়। আধাৰশিলা স্থাপন কাৰ্যসূচীত ৰামচাৰটাৰী ভিচিডিচিৰ অধ্যক্ষ বিস্তি বসুমতাৰী, উপাধ্যক্ষ বিজয় বসুমতাৰী,সমাজকৰ্মী তথা ইউপিপিএলৰ নেতা সত্যজিৎ বড়ো,চক্ৰধৰ বসুমতাৰীৰ লগতে বহুসংখ্যক বিশিষ্ট ব্যক্তিয়ে অতিথিৰূপে উপস্থিত থাকে।

উল্লেখ্য যে এম জি এন আৰ ই জি এ আঁচনিৰ ধন সৰ্বমুঠ ৭৫ লাখ টকা ব্যয় সাপেক্ষে দহটা উন্নয়নমূলক কামৰ নিৰ্মাণ কাৰ্য সম্পন্ন কৰা হ’ব বুলি শালবাৰী সমষ্টিৰ টিচিএলচিচিৰ অধ্যক্ষ বিনোদ মুছাহাৰীয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়ে।

Exit mobile version