Sushmita Sen:জন্মদিনত সলনি হ’ল সুস্মিতা, অস্ত্ৰোপচাৰৰ পাছত দিলে সুস্থতাৰ খবৰ

1637404397 susmita1

তেওঁৰ ৰূপত আকৰ্ষিত সমগ্ৰ বিশ্ব ।সেই সুস্মিতা সেন এইবাৰ নতুন ৰূপত। এই কথা নিজে জনালে ‘আৰিয়া’ই ।

চিন্তিত আছিল তেওঁৰ অনুৰাগীসকল । কিন্তু সুস্মিতাই প্ৰতিশ্ৰুতি দিছিল অতি শীঘ্ৰেই তেওঁ প্ৰকাশলৈ আনিব তেওঁৰ নতুন’লুক’।

প্ৰতিশ্ৰুতি ৰাখিলে বিশ্বসুন্দৰীগৰাকীয়ে । জন্মদিনৰ দিনাই নতুন ৰূপত অনুৰাগীসকলৰ সন্মুখত আহিলে সুস্মিতা সেন।

লাইভ ভিডিঅ’ত চুটি চুলি, চকুত চানগ্লাছ। ৰাস্তাত খোজ কাঢ়ি যাওঁতে সুস্মিতাই এইদৰে কয়: “মই জানো যে মোৰ অস্ত্ৰোপচাৰৰ বিষয়ে শুনি আপোনালোকৰ বহুতে ভয় খাইছে। কিন্তু মই ঠিকেই আছো। কোনো সমস্যা হ’লে নিশ্চয় জনাম।”

জন্মদিনৰ শুভেচ্ছা জনোৱাৰ বাবে অনুৰাগীসকলক ধন্যবাদ জনালে অভিনেত্ৰীগৰাকীয়ে। ব্যক্তিগত জীৱনৰ লগতে কামৰ বিষয়েও কৈছে সুস্মিতাই। তেওঁ জনাইছে ‘আৰিয়া’ৰ দ্বিতীয় চিজনৰ দৃশ্যগ্ৰহণ ইতিমধ্যে শেষ হৈছে।

২০২০ চনত তেওঁ ৱেব ছিৰিজত কাম কৰি পুনৰ পৰ্দালৈ উভতিছিল। কে’বাবছৰৰ পাছত নতুনকৈ চমক দিছিল দৰ্শকক। এইবাৰো, পুনৰ নতুন চমক!

Exit mobile version