তুমপ্ৰেঙত কৃতি ছাত্ৰ-ছাত্ৰীৰ সম্বৰ্ধনাৰে নৱ প্ৰজন্মক উৎসাহ-প্ৰেৰণা যোগোৱাৰ চেষ্টা বিথোঙ-ৰেংথেমা ষ্টুডেন্ট ফৰামৰ

পশ্চিম কাৰ্বি আংলঙৰ তুমপ্ৰেঙত কৃতি ছাত্ৰ-ছাত্ৰীৰ সম্বৰ্ধনাৰে নৱ প্ৰজন্মক উৎসাহ-প্ৰেৰণা যোগোৱাৰ চেষ্টা বিথোঙ-ৰেংথেমা ষ্টুডেন্ট ফৰামৰ । আজি দিনজোৰা কাৰ্যসূচীৰে কাৰ্বি পৰিষদৰ পৰিষদীয় ছয় নম্বৰ বিথোঙ-ৰেংথেমা সমষ্টিৰ অন্তৰ্গৰ উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষান্ত পৰীক্ষাৰ বিশেষভাৱে ঘোষণা কৰা ফলাফলত উত্তীৰ্ণ হৈছে তাৰে প্ৰায় ১৫ শতাধিক কৃতি ছাত্ৰ-ছাত্ৰীক মাফলাৰ, অভিধান, কলম-বহী আদি প্ৰদানেৰে সম্বৰ্ধনা জনায় বিথোঙ-ৰেংথেমা ষ্টুডেন্ট ফৰামে ।

ADVERTISEMENT

আয়োজিত অনুষ্ঠানত মুখ্য অতিথিৰূপে কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি কয় যে, পূৰ্বৰ তুলনাত কাৰ্বি আংলঙত শিক্ষাৰ হাৰ বৃদ্ধি পাইছে । শিক্ষাৰ মানদণ্ড কিছু উন্নত হোৱাৰ বিপৰীতে আন্তঃগাঁথনিৰ ক্ষেত্রতো গুৰুত্ব আৰোপ কৰি পৰিৱৰ্তনৰ চেষ্টা ৰাখি গৈছে কাৰ্বি পৰিষদ চৰকাৰে । যাৰ পৰিপ্ৰেক্ষিতত পাহাৰীয়া জিলাখনৰ ছাত্ৰ-ছাত্ৰীয়ে উচ্চ শিক্ষা গ্ৰহণ কৰি নিজকে স্বাৱলম্বী হ’বলৈও সক্ষম হৈছে বা জিলাখনলৈ গৌৰৱ কঢ়িয়াই অনাত সহায় আগবঢ়াইছে বুলি মন্তব্য কৰে ৰংহাঙে । তেওঁৰ কাৰ্যকালত শিক্ষা ক্ষেত্ৰত অধিক গুৰুত্ব দি শিক্ষাৰ ক্ষেত্ৰখনক আৰু অধিক চহকী কৰি তুলিব বুলিও এক গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৰংহাঙে ।

আয়োজিত অনুষ্ঠানত কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ বিপৰীতে কাৰ্বি পৰিষদৰ মনোনীত পৰিষদীয় সদস্য চন্দ্ৰ ছেত্ৰী, বিভাগীয় ব’ৰ্ড অধ্যক্ষ ক্ৰমে প্ৰণৱ ৰংফাৰ, দিত্যলাল হাষ্ণু, ডংকামোকাম পৌৰসভাৰ ৱাৰ্ড কমিছনাৰ ক্ৰমে চেৰলংকি বে, জিতু তেৰাঙৰ লগতে বিথোঙ-ৰেংথেমা সমষ্টিৰ গাঁও উন্নয়ন সমিতিৰ অধ্যক্ষ ৰামচন ৰংপি, ৰংখা আৰু মেনমেজি বহুমুখী সমবায় সমিতিৰ অধ্যক্ষ ক্ৰমে মংগল বে আৰু বিদ্যাছিং টেৰণ উপস্থিত থাকে ।

Exit mobile version