‘তুমি মালালা’ৰে আন্তঃৰাষ্ট্ৰীয় মঞ্চত খ্যাতি অৰ্জন অসমৰ দুই কিশোৰীৰ

অভিনেত্ৰী অংশ্ৰুতা- হৰ্ষিতাক কলাক্ষেত্ৰত নতুন ৰংমেলাৰ সম্বৰ্দ্ধনা

WhatsApp Image 2021 11 21 at 8.35.40 PM

শিশু দিৱসৰ দিনাই অসমৰ চলচ্চিত্ৰ জগতলৈ গৌৰৱ কঢ়িয়াই অনা দুই কিশোৰী অভিনেত্ৰী ক্ৰমে অংশ্ৰুতা কাশ্যপ (মুনমুন) আৰু হৰ্ষিতা ভট্টাচাৰ্যক দেওবাৰে ৰংমেলা শিশু সমাজে উষ্ম সম্ভাষণ জনায় । কলাত্মক ছবি ‘তুমি মালালাʼত কৰা সাৱলীল অভিনয়ৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ত শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ কৰা এই দুই কিশোৰীক শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰাংগনত আয়োজিত ৰংমেলা শিশু সমাজৰ উনবিংশতম বাৰ্ষিক অধিবেশনৰ ৰাজহুৱা সভাত নতুন ৰংমেলাৰ সম্পাদক তথা শিশু সমাজৰ অধ্যক্ষ অৰুণ ভাগৱতীয়ে আদৰ-সম্ভাষণ জনায় ।

গল্পকাৰ তথা সাহিত্যক অভিজিৎ শৰ্মা বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত সভাত অংশ্ৰুতা-হৰ্ষিতাক ৰাজহুৱাকৈ সম্বৰ্দ্ধনা জ্ঞাপন কৰি দুয়োৰে উজ্জ্বল ভৱিষ্যত কামনা কৰে অৰুণ ভাগৱতী আৰু শিশু সমাজে । এনে মৰম-সম্ভাষণ গ্ৰহণ কৰি দিছপুৰৰ আনন্দ একাডেমীৰ সপ্তম শ্ৰেণীৰ ছাত্ৰী অংশ্ৰুতা কাশ্যপে কয়, ‘পৰিচালক ৰূপক গগৈ, চিত্ৰনাট্যকাৰ অভিস্কা ফুকনে বিচৰা দৰে মই অভিনয় কৰিছিলো আৰু তেওঁলোকে আশা কৰিছিল মই কিবা এটা পুৰস্কাৰ পাম । ৰূপক ছাৰ, অভিস্কা মেমৰ আশা পূৰণ কৰিবলৈ পাই ভাল লাগিছে । মোৰ লগতে মা-দেউতায়ো বহুত কষ্ট কৰিছে । মোৰ এই সন্মান সকলোৰে কষ্টৰ ফল ।ʼ ছবিগৃহলৈ ‘তুমি মালালা’ আহিলে সকলোকে চাবলৈকো আহ্বান জনায় অংশ্ৰুতা কাশ্যপে ।

উল্লেখ্য যে, জীৱনৰ প্ৰথমখন পূৰ্ণাংগ ছবিত অভিনয় কৰিয়েই সফলতাৰ বাটত খোজ দিয়া অংশ্ৰুতা প্ৰথম শ্ৰেণীৰ পৰাই অভিনয়ৰ স’তে জড়িত । ইতিমধ্যে কে’বাটাও বিজ্ঞাপন আৰু ভিডিঅ’ গীতটো অভিনয় কৰিছে অংশ্ৰুতা ওৰফে মুনমুনে । তেওঁ জ্যেষ্ঠ সাংবাদিক জোনজ্যোতি দত্তবৰা , ববী দত্তবৰাৰ একমাত্ৰ কন্যা । অংশ্ৰুতা কাশ্যপৰ এই সাফল্যত জন্মস্থান যোৰহাট জিলাৰ বাঘমৰা আৰু অশয়বাৰীতো আনন্দৰ বন্যা বয় ।

উল্লেখ্য যে, ৰূপক গগৈৰ পৰিচালিত আৰু ড: সঞ্জীৱ নাৰায়ণ প্ৰযোজিত কলাত্মক ছবি ‘তুমি মালালাʼ। অলপতে দিল্লীত অনুষ্ঠিত ১৫তম আন্তঃৰাষ্ট্ৰীয় চিনহ ইণ্ডিয়া শিশু চলচ্চিত্ৰ মহোৎসৱত ‘তুমি মালালাʼৰ দুই অভিনেত্ৰী অংশ্ৰুতা কাশ্যপ আৰু হৰ্ষিতা ভট্টাচাৰ্যলৈ আগবঢ়োৱা হয় শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান । ছবিখনত সাৱলীল অভিনয়ৰ বাবে অংশ্ৰুতা কাশ্যপ (মুনমুন) আৰু হৰ্ষিতা ভট্টাচাৰ্যক দেশ বিদেশৰ শতাধিক ছবিৰ অভিনেত্ৰীৰ মাজৰ পৰা শ্ৰেষ্ঠ অভিনেত্ৰীৰূপে নিৰ্বাচন কৰে বিচাৰক মণ্ডলীয়ে ।

‘তুমি মালালাʼত অংশ্ৰুতা কাশ্যপে আমিনাৰ চৰিত্ৰ আৰু হৰ্ষিতা ভট্টাচাৰ্যই নাডিয়া চৰিত্ৰ ৰূপায়ণে চিত্ৰপ্ৰেমীৰ মন জয় কৰিবলৈ সক্ষম হয় ।

উল্লেখ্য যে, NRC সৃষ্ট অসমৰ পৰিস্থিতি, নাৰী শিক্ষাৰ অধিকাৰ বিষয়ত দুই কিশোৰীৰ সপোন, আশা-আকাংক্ষা আৰু জীৱন সংগ্ৰামক লৈয়ে এই ছবি ।

Exit mobile version