দেশৰ বাবে নিজৰ জীৱন উৎসৰ্গ কৰিছিল স্বামীয়ে । শ্বহীদ সেনা দীপক নয়নৱালৰ পত্নী জ্যোতি নয়নৱালে এইবাৰ সেনাবাহিনীত যোগ দিলে সেনা বিষয়া হিচাপে।
শনিবাৰে অফিচাৰ্ছ ট্ৰেইনিং একাডেমীত তেওঁৰ প্ৰশিক্ষণ সম্পূৰ্ণ হয়। প্ৰসংগত ,তেওঁৰ স্বামী দীপক ২০১৮ চনত জম্মু আৰু কাশ্মীৰৰ কুলগামত সন্ত্ৰাসবাদী স’তে হোৱা যুদ্ধত শ্বহীদ হয়। শনিবাৰে জ্যোতিৰ স’তে আছিল দুই সন্তান । নতুন জীৱনৰ আৰম্ভণিতে তেওঁ স্বাভাৱিকতে আৱেগিক হৈ পৰে।
তেওঁৰ কয়, “মই কেতিয়াও ভবা নাছিলো যে মই চাকৰি কৰিম। মই এগৰাকী গৃহিনী আছিলোঁ। কিন্তু যেতিয়া মোৰ স্বামীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল, মই দেখিছিলো যে সৈন্যসকলে মোৰ স্বামীৰ যত্ন কেনেদৰে লৈছিল। তেতিয়াই মই সিদ্ধান্ত লৈছিলো যে মই সেনাত যোগদান কৰিম। মোৰ স্বামীৰ মাকৰ ৰেজিমেণ্টে মোক বহুত সহায় কৰিছে। মই আন শ্বহীদ সৈনিকসকলৰ পত্নীসকলক ক’ব বিচাৰো যে আমি আমাৰ জীৱন এনেদৰে আগুৱাই নিব লাগিব যাতে আমাৰ সন্তানৰ অনুপ্ৰেৰণা বিচাৰিবলৈ আন কাকো বাছনি কৰাৰ প্ৰয়োজন নাই। “
Newly commissioned Indian Army Officer at OTA, Chennai, Veer Nari, Jyoti Nainwal, mother of 2 children is the wife of Naik Deepak Nainwal, who died after being shot while serving our nation in Indian Army operations in J&K in 2018.@SpokespersonMoD @Def_PRO_Chennai @PIB_India pic.twitter.com/TcaTgsCv3q
— PIB in Tamil Nadu (@pibchennai) November 20, 2021
স্বামীৰ মৃত্যুৰ পাছত সেনাবাহিনীত যোগদান কৰাৰ সিদ্ধান্ত লয় জ্যোতিয়ে। এনেদৰেই প্ৰস্তুতি আৰম্ভ হয়। অৱশেষত তেওঁ পৰীক্ষাত সফল হয় আৰু সেনাবাহিনীত প্ৰশিক্ষণ আৰম্ভ কৰে। জ্যোতিয়ে ১১ মাহৰ প্ৰশিক্ষণৰ পাছত চেন্নাইত সেনাৰ লেফটেনেণ্ট হিচাপে যোগদান কৰে।
মাতৃৰ সফলতাৰ বাবে গৌৰৱান্বিত সন্তান। জীয়ৰী লাৱণ্যই জনাইছে,”মই মাহৰ ৰেজিমেণ্টকো ধন্যবাদ জনাইছিল। তেওঁ কয়, “মই মাহৰ ৰেজিমেণ্টক ধন্যবাদ জনাব বিচাৰো। তেওঁলোকৰ বাবেই মোৰ মা এজন সেনা বিষয়া হ’ব পাৰিলে। মই মোৰ মাক লৈ গৌৰৱ অনুভৱ কৰো ।”
অনাগত দিনবোৰত তেওঁৰ মাকৰ দৰে এগৰাকী সেনা বিষয়া হ’ব বিচাৰে বুলিও কয় লাৱণ্যই। নিজকে দেশৰ সেৱাত নিয়োজিত ৰাখিব বিচাৰে লাৱণ্যই ।